অসম

assam

By

Published : Aug 27, 2021, 7:21 PM IST

ETV Bharat / state

বিশ্বনাথৰ ৰাজপথত হাতে হাতে কাঁহী বাটিলৈ প্ৰতিবাদত নামিল ক্ষুদ্ৰ ব্যৱসায়ী

বৰ্তমান বিশ্বনাথ জিলাৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ বাবে ক্ৰমান্বয়ে সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান পুনৰ খুলি দিয়া পৰিলক্ষিত হৈছে। কিন্তু আজি পৰ্যন্ত দৈনিক বজাৰ অথবা সাপ্তাহিক বজাৰ সমূহ পুনৰ খুলিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰা নাই জিলা প্ৰশাসনে । যাৰ বাবে বৃহস্পতিবাৰে বিশ্বনাথৰ জিনজিয়াত এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে জিনজিয়া অঞ্চলৰ সাপ্তাহিক বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলে।

small-traders-protst-in-biswanath-etv-bharat-assam-news
হাতে হাতে কাঁহী বাটিলৈ প্ৰতিবাদত নামিল ক্ষুদ্ৰ ব্যৱসায়ী

বিশ্বনাথ,27 আগষ্ট : ৰাজ্যজুৰি কৰ'ণাই সংহাৰী ৰূপ ধাৰণা কৰাত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল জন জীৱন ৷ কৰ'ণাৰ সংহাৰত কম-বেছি পৰিমানে হ'লেও ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ প্ৰতিটো খণ্ড ৷ বাদ পৰা নাই সৰু বৰ ব্যৱসায়ী সকলো ৷ বৰ্তমান ক‘ভিডৰ সেই আতংক মাৰ হ্ৰাস পাই অহাৰ পাছতো বৰ্তমানেও দৈনিক বজাৰ অথবা সাপ্তাহিক বজাৰ সমূহ পুনৰ খুলিবৰ বাবে নিৰ্দেশনা নিদিয়াৰ পৰিপেক্ষিতত বিশ্বনাথত সাপ্তাহিক বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলে হাতে হাতে কাঁহী বাটিলৈ নামিল ৰাজপথত ৷ বৃহস্পতিবাৰে বিশ্বনাথৰ জিনজিয়াত এইদৰে এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে জিনজিয়া অঞ্চলৰ সাপ্তাহিক বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলে ।

হাতে হাতে কাঁহী বাটিলৈ প্ৰতিবাদত নামিল ক্ষুদ্ৰ ব্যৱসায়ী

ক্ষুদ্ৰ ব্যৱসায়ী সকলে জিনজিয়া চেন্টাৰৰ সমীপত হাতে হাতে কাঁহি-বাটি লৈ আমাক ভাত দিয়ক, চৰকাৰে আমাৰ পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গান দি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । উল্লেখ্য যে, বিগত 5 মাহ ধৰি বিশ্বনাথ জিলা প্ৰশাসনে জিলাখনৰ ক’ৰণা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে দৈনিক অথবা সাপ্তাহিক বজাৰ সমূহ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছিল । কিন্তু বৰ্তমান বিশ্বনাথ জিলাৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পৰিপেক্ষিতত ক্ৰমান্বয়ে সকলো ব্যৱসায়ী প্ৰতিষ্ঠান পুনৰ খুলিবৰ বাবে অনুমতি দিছে । কিন্তু আজি পৰ্যন্ত দৈনিক বজাৰ অথবা সাপ্তাহিক বজাৰ সমূহ পুনৰ খোলাৰ বাবে নিৰ্দেশ প্ৰদান কৰা নাই জিলা প্ৰশাসনে ।

যাৰ বাবে বিহালী সমষ্টিৰ অন্তৰ্গত এই ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । নিজৰ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰতো সামৰ্থ নোহোৱা হৈছে জিলাখনৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ । ঘৰত পোহা গৰু ছাগলী, হাঁহ মূৰ্গী বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিব লগীয়া হৈছে এইসকলে। অৱশেষত উপায়ন্তৰ হৈ বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ বিহালীৰ জিনজিয়া অঞ্চলৰ সাপ্তাহিক আৰু দৈনিক বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলে এইদৰে হাতত কাঁহী বাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:আংশিক লকডাউনে বিপদ নমাইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ

ABOUT THE AUTHOR

...view details