অসম

assam

ETV Bharat / state

বিশ্বনাথৰ বিহালীত প্ৰহসনত পৰিণত 1 কোটি 44 লাখ টকীয়া আঁচনি - গড়াখহনীয়া

2017-18 বৰ্ষত বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত লালপুখুৰী অঞ্চলত গড়াখহনীয়া প্ৰতিৰোধৰ বাবে অহা 1.44 কোটি টকাৰ অপচয়

প্ৰহসনত পৰিণত ১ কোটি ৪৪ লাখ টকীয়া আঁচনি

By

Published : Apr 19, 2019, 10:53 PM IST

বিশ্বনাথ,19 এপ্ৰিলঃ বিশ্বনাথ জিলাৰ বিহালীত অপচয় জলসম্পদ আঁচনিৰ ধন । প্ৰহসনত পৰিণত 1 কোটি 44 লাখ টকীয়া আচঁনি । 2017-18 বৰ্ষত বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত লালপুখুৰী অঞ্চলত গড়াখহনীয়া প্ৰতিৰোধৰ বাবে অহা 1.44 কোটি টকীয়া আঁচনি ফুটুকাৰ ফেনত পৰিণত হয় ।

বিশ্বনাথৰ বিহালীত প্ৰহসনত পৰিণত ১ কোটি ৪৪ লাখ টকীয়া আঁচনি

বিহালী সমষ্টিৰ অন্তৰ্গত লালপুখুৰীত বিগত 2018 বৰ্ষত অহা প্ৰলয়ংকাৰী বানৰ ফলত সৃষ্টি হোৱা গড়াখহনীয়া পৰিদৰ্শন কৰিবলৈ আহিছিল স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহ বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই আৰু সেই সময়ত শীঘ্ৰে গড়াখহনীয়া নিয়ন্ত্ৰণৰ বাবে জিঅ' বেগৰ বান্ধ নিৰ্মাণৰ আৰম্ভ কৰাৰ বাবে প্ৰতিশ্ৰুতিও দিছিল ৷ সেই মৰ্মে জিঅ' বেগ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰা হৈছিল । অসম চৰকাৰৰ জলসম্পদ বিভাগৰ দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত তাৎক্ষণিক‌ ব্যৱস্থাৰ লালপুখুৰী আৰু ইয়াৰ সহযোগী অঞ্চলৰ বুৰৈ নদীৰ ক্ষতি আৰু পুনৰ সংস্থাপনৰ 2017-18 চনৰ আঁচনিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল গড়াখহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ জিঅ' বেগৰ । কিন্তু, পৰিতাপৰ বিষয় যে, 1 কোটি 44 লাখ টকাৰ ঠিকা লাভ কৰা ঠিকাদাৰ প্ৰদীপ কুমাৰ আগৰৱালাই নিৰ্ধাৰিত জোখতকৈ যথেষ্ট নিম্ন মানদণ্ডৰ কাম কৰিয়েই দায়িত্ব সামৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । অন্যহাতে, আন একাংশই দাবী কৰিছে যে, ঠিকাদাৰ আগৰৱালাই বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ লগত কিবা গোপন বুজাবুজি কৰি এইদৰে প্ৰৱঞ্চনা কৰিছে সাধাৰণ ৰাইজক ।

ABOUT THE AUTHOR

...view details