অসম

assam

ETV Bharat / state

বিশ্বনাথত অস্ত্ৰ-শস্ত্ৰ আটক ছয়

আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি গঁড় হত্যাৰ বাবে অস্ত্ৰ-শস্ত্ৰখিনি কঢ়িয়াই অনা হৈছিল আৰু বালিপুখুৰীত গঁড় হত্যাৰ লগত জড়িত এটা চক্ৰই সামগ্ৰীসমূহ চমজি লোৱাৰ কথা আছিল ৷

বিশ্বনাথত অস্ত্ৰ-শস্ত্ৰ আটক ছয়

By

Published : Mar 28, 2019, 4:21 AM IST

বিশ্বনাথ, 28 মাৰ্চঃ বিশ্বনাথত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ আৰক্ষীয়ে আটক কৰিছে ছয়জনক ৷ এখন চাৰিচকীয়া বাহনেৰে ডবকাৰ পৰা বিশ্বনাথলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে জব্দ কৰে অস্ত্ৰ-শস্ত্ৰসমূহ ৷ ছীটৰ তলৰ পৰা উদ্ধাৰ কৰা হয়৩০৩ ৰাইফল, চাইলেঞ্চাৰ আৰু ২০ জাঁই সজীৱ গুলী ৷ বিশ্বনাথ চাৰিআলি থানা সদৰৰ সন্মুখৰ পৰা জব্দ কৰা হয় সামগ্ৰীখিনি ৷As 02L 2367 নম্বৰৰ এল্ট' গাড়ীখন আহিছিল ডবকাৰ পৰা বিশ্বনাথৰ বালিপুখুৰীলৈ৷ আনহাতে আটক হোৱা লোককেইজন ক্ৰমে আহমদ আলী,ৰীণা বেগম,ইমৰান আলীআৰু হাচান আলী । ডবকাৰ চাংমাজি গাঁৱৰ ধৃত আটাইকেইজন একেটাপৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰিগঁড় হত্যাৰ বাবে অস্ত্ৰ-শস্ত্ৰখিনিকঢ়িয়াই অনা হৈছিল আৰু বালিপুখুৰীত গঁড় হত্যাৰ লগত জড়িত এটা চক্ৰই সামগ্ৰীসমূহ চমজি লোৱাৰ কথা আছিল ৷ আৰক্ষীয়ে পিচত ম'বাইলৰ ল'কেচন ট্ৰেক কৰি সামগ্ৰীসমূহ চমজি ল'বলৈ ৰৈ থকা চক্ৰটোৰ দুজন লোকক বিশ্বনাথ চাৰিআলিৰ দ'গাঁৱত ১৫ নং ৰাষ্টীয় ঘাইপথৰ কাষতে থকা ৰদালি ধাবাৰ সমীপৰ পৰা কৌশলৰে আটক কৰিবলৈ সক্ষম হয় ৷ লোক দুজন বালিপুখুৰীৰ নুৰ হ'ক আৰু চান্দ মিঞা ৷

ABOUT THE AUTHOR

...view details