অসম

assam

By

Published : Jan 17, 2021, 4:02 PM IST

ETV Bharat / state

গহপুৰৰ ভোলাগুৰি চাহ বাগিছাত গীতে-মাতে সোঁৱৰণ ৰূপকোঁৱৰক

সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে বিশ্ব বৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস ৷ জ্যোতিৰ গীতে-মাতে একপ্ৰকাৰে মুখৰিত হৈ পৰিছে ভোলাগুৰি চাহবাগিছা ৷

silpi-diwash-celebrated-at-bhulaguri-tea-estate-of-gohpur
গহপুৰৰ ভোলাগুৰি চাহ বাগিছাত গীতে-মাতে সোঁৱৰণ জ্যোতিপ্ৰসাদক

বিশ্বনাথ,17 জানুৱাৰী:আজি শিল্পী দিৱস ৷ সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে বিশ্ব বৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস ৷ ৰাজ্যৰ আনসমূহ ঠাইৰ সমান্তৰালকৈ প্ৰথম অসমীয়া কথাছবি "জয়মতী"ৰ নিৰ্মাণ স্থলী গহপুৰৰ ভোলাগুৰি চাহ বাগিছাতো বৰঙাবাৰী শিল্পী সমাজে শ্ৰদ্ধাৰে সুঁৱৰিছে শিল্পী গৰাকীক ৷ বৰঙাবাৰী শিল্পী সমাজে জ্যোতিপ্ৰসাদৰ আৱক্ষয় মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি তেখেতৰ কালজয়ী গীতেৰে সুঁৱৰিছে বিশ্ব বৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাক ৷ জ্যোতিৰ গীতে-মাতে মুখৰিত হৈ পৰিছে ভোলাগুৰি চাহ বাগিছা ৷

গহপুৰৰ ভোলাগুৰি চাহ বাগিছাত গীতে-মাতে সোঁৱৰণ জ্যোতিপ্ৰসাদক

উল্লেখ্য যে, একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, প্ৰথম অসমীয়া কথা ছবি নিৰ্মাতা জ্যোতি ককাইদেউক সুঁৱৰি গহপুৰৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে শিল্পী দিৱস ৷

লগতে পঢ়কঃঅৱশেষত নিলম্বন বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা

For All Latest Updates

ABOUT THE AUTHOR

...view details