বিশ্বনাথ,21 এপ্ৰিল : মঙলবাৰে ৰাজ্য চৰকাৰে নতুনকৈ ক’ভিডৰ নীতি-নিৰ্দেশনা ঘোষণা কৰাৰ পাচতে সন্ধিয়া 6 বজাত বিশ্বনাথত সকলো দোকান-পোহাৰ বন্ধ হোৱা পৰিলক্ষিত হৈছে ৷ ক’ভিডৰ নতুন নিৰ্দেশনা অনুসৰি, যিকোনো সাংস্কৃতিক অনুষ্ঠানত 400ৰ অধিক লোক উপস্থিত থাকিব নোৱাৰিব ৷
ক’ভিডৰ নতুন নিৰ্দেশনাক লৈ কঠোৰ বিশ্বনাথ প্ৰশাসন - ক’ভিডৰ নতুন নিৰ্দেশনা
বিশ্বনাথত সন্ধিয়া 6 বজাত সকলো দোকান-পোহাৰ বন্ধৰ ঘোষণা ৷ ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ জিলা প্ৰশাসনৰ ৷
ক’ভিডৰ নতুন নিৰ্দেশনাক লৈ কঠোৰ বিশ্বনাথ প্ৰশাসন
ইয়াৰোপৰি, প্ৰতিজন লোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ বিশ্বনাথবাসীকো এই নিৰ্দেশ পালন কৰিবলৈ আহ্বান জনায় জিলা প্ৰশাসনে । উল্লেখ্য যে, বৰ্তমানলৈকে বিশ্বনাথত 35 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷