বিশ্বনাথ, 7 এপ্ৰিল :বিষাক্তকাঠফুলা খাই অসুস্থ এটা পৰিয়াল ৷ বিশ্বনাথৰ মিজিকা চাহ বাগিচাৰ এটা পৰিয়ালৰ 7 জনকৈ লোক অসুস্থ হৈ পৰিছে (Seven people Sick of eating poisonous mushrooms in Biswanath)৷ পৰিয়ালটোৰ অসুস্থ সদস্য কেইজন হৈছে অস্থামি টন্তমাই, ফুলন্টি টন্তমাই, শিৱানী ভূঞা, ধিৰেণ ভূঞা, প্ৰকাশ তাঁতী, যোগেন তাঁতী ।
তথ্য অনুসৰি, বুধবাৰে দুপৰীয়া বিশ্বনাথৰ মিজিকা চাহ বাগিচাৰ পৰিয়ালটোৰ এজন সদস্যই নিজ গাঁৱতে থকা এখন বাৰীৰ পৰা বুটলি আনিছিল কাঠফুলা ৷ সেই কাঠফুলা খাই বুধবাৰে নিশাৰ পৰাই অসুস্থ হৈ পৰিছিল পৰিয়ালটো ৷ নিশাৰ ভাগতে পৰিয়ালটোৰ সদস্যকেইটাই অসহ্যকৰ পেটৰ বিষ, বমি আৰু পেটচলা হোৱাত কাষ চাপে চিকিৎসকৰ ৷