অসম

assam

ETV Bharat / state

বিশ্বনাথত জিলা দণ্ডাধীশৰ অধীনত জাৰি ১৪৪ ধাৰা - biswanath

বুধবাৰে বিশ্বনাথৰ জিলা দণ্ডাধীশে ১৪৪ ধাৰাৰ অধীনত জিলাখনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰে । মহামাৰী কৰ'ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবেই হাতত গ্ৰহণ কৰে এই ব্য়ৱস্থা । চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ অব্যাহত থকালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব বুলি জানিবলৈ দিয়ে ।

বিশ্বনাথ
বিশ্বনাথত জিলা দণ্ডাধীশৰ অধীনত জাৰি ১৪৪ ধাৰা

By

Published : May 20, 2020, 5:14 PM IST

বিশ্বনাথ, ২০ মে': মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত জিলা খনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । এই নিষেধাজ্ঞা অনুসৰি চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ সময়ছোৱাত বিয়লি ৭ বজাৰ পাছত আৰু পুৱা ৭ বজালৈকে জনসাধাৰণৰ চলাচলত বাধা আৰোপ কৰাৰ লগতে ব্যক্তিগত যান-বাহন তথা যাত্ৰীবাহী যান-বাহনৰ চলাচলৰ ওপৰতো বাধা আৰোপ কৰা হৈছে ।

বিশ্বনাথত জিলা দণ্ডাধীশৰ অধীনত জাৰি ১৪৪ ধাৰা

অবশ্যে নিষেধাজ্ঞাৰ পৰা কেতবোৰ বিশেষ সেৱাক ৰেহাই দিয়া হৈছে । তৎকালীনভাৱে কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞাৰ সময়ছোৱাত অৱশ্যে জিলাখনৰ "কনটেইনমেন্ট জ'ন" আৰু "বাফাৰ জ'ন"ক বাদ দিহে কিছু বিশেষ সেৱাক ৰেহাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে ।

বিশ্বনাথত জিলা দণ্ডাধীশৰ অধীনত জাৰি ১৪৪ ধাৰা

এই নিৰ্দেশ ভংগ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ ৰ ৫১ ৰ পৰা ৬০ ধাৰা আৰু ভাৰতীয় দণ্ড বিধিৰ ১৮৮ ধাৰা অনুসৰি অপৰাধ হিচাপে গণ্য কৰা হ'ব বুলি উল্লেখ কৰে । সমগ্ৰ বিশ্বনাথ জিলাতে তৎকালীনভাৱে বলবৎ হোৱা এই নিৰ্দেশ লক ডাউন অব্যাহত থকালৈকে বাহাল থাকিব বুলি কোৱা হৈছে।

বিশ্বনাথত জিলা দণ্ডাধীশৰ অধীনত জাৰি ১৪৪ ধাৰা

ABOUT THE AUTHOR

...view details