অসম

assam

ETV Bharat / state

বিশ্বনাথ জাৰি ১৪৪ ধাৰা - assam news

নিৰ্বাচনৰ প্ৰাকখনত যাতে কোনো সমাজবিৰোধী শক্তিয়ে জিলাখনত আইন-শৃংখলা তথা পৰিস্থিতি বিঘ্নিত কৰিব নোৱাৰে, সেয়া সুনিশ্চিত কৰাৰ বাবে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ নং ধাৰাৰ অধীনত এক নিৰ্দেশযোগে বিশ্বনাথ জিলা প্ৰশাসনে কেতবোৰ বিশেষ বাধা-নিষেধ আৰোপ কৰে

বিশ্বনাথ জাৰি ১৪৪ ধাৰা

By

Published : Apr 12, 2019, 12:03 AM IST

বিশ্বনাথ, 11 এপ্ৰিলঃ বিশ্বনাথ জিলাত ১৪৪ ধাৰা জাৰি ৷ নিৰ্বাচনৰ প্ৰাকখনত যাতে কোনো সমাজবিৰোধী শক্তিয়ে জিলাখনত আইন-শৃংখলা তথা পৰিস্থিতি বিঘ্নিত কৰিব নোৱাৰে, সেয়া সুনিশ্চিত কৰাৰ বাবে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ নং ধাৰাৰ অধীনত এক নিৰ্দেশযোগে বিশ্বনাথ জিলা প্ৰশাসনে কেতবোৰ বিশেষ বাধা-নিষেধ আৰোপ কৰে ।

জিলা দণ্ডাধীশ পৱিত্ৰ ৰাম খাউণ্ডে এক নিৰ্দেশ যোগে বিশ্বনাথ জিলাখনত ৪ জনতকৈ অধিক ব্যক্তিৰ সমাৱেশ, ৰাইজৰ বেআইনী সমাৱেশ, আগতীয়াকৈ অনুমতি নোলোৱাকৈ ৰাজহুৱা সভা আদিৰ আয়োজন নিষিদ্ধ কৰা হৈছে বুলি সদৰী কৰে । আনহাতে, এই নিৰ্দেশ ভংগ কৰিলে আইন মতে কঠোৰভাৱে দণ্ডনীয় হ'ব বুলিও সদৰী কৰে নিৰ্দেশযোগে । তৎকালে বলৱৎ হ’বলগীয়া এই নিৰ্দেশ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলিও মন্তব্য কৰে জিলা দণ্ডাধীশে ।

ABOUT THE AUTHOR

...view details