- শিক্ষক দিৱসৰ দিনাই শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে (Molestation and sexual abuse of minor girls)
- বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ চেলাইকাঠিৰ পাঁচলগী অঞ্চলত সংঘটিত হৈছে এই লজ্জানত ঘটনাটো
- হলী চাইল্ড ইংলিছ স্কুলৰ অধ্যক্ষ প্ৰদীপ মাৰাক চাংমাৰ বিৰুদ্ধে উঠিছে এই অভিযোগ (Principal accused of molesting students)
- বহু দিনৰ পৰাই বিদ্যালয়ৰ ছাত্ৰীনিৱাসত থকা কণ-কণ ছাত্ৰীক যৌন নিৰ্যাতন চলাই আহিছিল অধ্যক্ষগৰাকীয়ে
- শনিবাৰেও লম্পট অধ্যক্ষগৰাকীয়ে কেজি 1 আৰু তৃতীয় শ্ৰেণীৰ ৬ গৰাকীকৈ ছাত্ৰীক ছাত্ৰী নিৱাসৰ পৰা নিজৰ কোঠালৈ মাতি নিছিল
- সেই সময়ত ছাত্ৰী নিৱাসৰ কেয়াৰ টেকাৰৰ দায়িত্বত থকা দুগৰাকী মহিলাক ভাত ৰান্ধিবলৈ পঠিয়াই দিছিল লম্পট অধ্যক্ষগৰাকীয়ে
- প্ৰথমে ছাত্ৰী কেইগৰাকীক হাত আৰু ভৰি মালিচ কৰিবলৈ দিয়ে
- তাৰ পিছতে সুযোগ বুজি ছাত্ৰী কেইগৰাকীৰ ওপৰত চলাই যৌন নিৰ্যাতন
- ঘটনা সন্দৰ্ভত অভিভাৱকে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বালিচাং আউট পষ্টত দাখিল কৰিছে এজাহাৰ
- এজাহাৰ ভিত্তিতে আৰক্ষীৰ দল গৈ উপস্থিত হয় সেই স্থানত
- কিন্তু সেই স্থানৰ পলাই সাৰিবলৈ সক্ষম হয় লম্পট অধ্যক্ষগৰাকী
- লম্পট অধ্যক্ষগৰাকীৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে
শিক্ষক দিৱসৰ দিনাই শিক্ষক সমাজক লজ্জানত কৰা এটা ঘটনা
শিক্ষক দিৱসৰ দিনাই শিক্ষক সমাজক লজ্জানত কৰা ঘটনা পোহৰলৈ আহিছে (Molestation and sexual abuse of minor girls) ৷ বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ চেলাইকাঠিৰ পাঁচলগী অঞ্চলত সংঘটিত হৈছে এই লজ্জানত ঘটনা ৷ হলী চাইল্ড ইংলিছ স্কুলৰ অধ্যক্ষ প্ৰদীপ মাৰাক চাংমাৰ বিৰুদ্ধে উঠিছে এই অভিযোগ (Principal accused of molesting students) ৷
শিক্ষক দিৱসৰ দিনাই শিক্ষক সমাজক লজ্জানত কৰা ঘটনা পোহৰলৈ
Last Updated : Sep 6, 2022, 11:01 AM IST
TAGGED:
Molestation and sexual abuse