বিশ্বনাথ, 29 ছেপ্টেম্বৰ :"অসমৰ বানপানী আৰু নিবনুৱা সমস্যাৰ মূল কাৰণ হ'ল ইছলামিক আগ্ৰাসন সমস্যা ৷ আমাৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকি আহিছে ৷ মোৰ মাতৃ বা ভগ্নীক যদি কোনোবাই ধৰ্ষণ কৰিব মই কি মাত নামাতি মনে মনে থাকিম নেকি, মই ভাবিছোঁ ইছলামিক আগ্ৰাসনে অসম আৰু ভাৰতবৰ্ষক ধৰ্ষণ কৰিছে ।" বিশ্বনাথত উপস্থিত হৈ এইদৰে বিস্ফোৰক মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই । বৰাই মঙলবাৰে গুপ্তকাশী বিশ্বনাথত উপস্থিত হৈ এই মন্তব্য কৰে ।
সততে নিজৰ মন্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰা নেতাগৰাকীয়ে কয়, বৰ্তমান মুল পথৰ কাষৰ ফুটপাথ বন্ধ কৰি দিছে মছজিদ বনাই । ইয়াৰ অনুমতি কোনে দিলে, এইবোৰ আমাৰ জাতীয় আত্মা আৰু জাতীয় সত্বাৰ কাৰণে ভাবুকি স্বৰূপ । ভৱিষ্যতে গুপ্তকাশী বিশ্বনাথৰ মাটি যে দখল কৰি ইয়াৰ অস্তিত্ব ম্লান নকৰিব তাৰ গেৰাণ্টী সেইসকল ব্যক্তিয়ে দিব পাৰিব নেকি যিসকলে তথাকথিত জাতীয়তাবাদৰ নামত চিঞৰ বাখৰ কৰি আছে ? জাতীয়তাবাদ মানে কেৱল ইছলাম প্ৰীতি নেকি ? যিসকলে জাতীয়তাবাদ কৰি আছে সেইসকলৰ অধিকাংশৰে ইছলামৰ প্ৰতি কিয় ইমান দৰদ মই বুজি পোৱা নাই । অসমত জাতীয়তাবাদ কেৱল ইছলামিক তুষ্টিকৰণৰ বাবেই সোমাই আছে ।