অসম

assam

By

Published : Jun 26, 2020, 6:14 PM IST

ETV Bharat / state

গহপুৰত চত্ৰং নৈয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ

নেৰানেপেৰা বৰষুণৰ ফলত গহপুৰৰ 1 নং ৱাৰ্ডত থকা চত্ৰং নৈৰ মথাউৰি ভগাৰ ফলত নৈখনৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে অঞ্চলটোত ৷ বৰ্তমানেও জনপ্ৰতিনিধি সেই বান বিধ্বস্ত এলেকালৈ আহি ক্ষতিগ্ৰস্ত লোকসকলৰ খবৰ নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

satrang river flood in gahpur
satrang river flood in gahpur

বিশ্বনাথ, 26 জুনঃগহপুৰত চত্ৰং নৈৰ বাঢ়নী পানীয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ ৷ চহৰখনৰ 1 নং ৱাৰ্ডত থকা চত্ৰং নৈৰ মথাউৰি ভগাৰ ফলত নৈখনৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি কৰিছে বিস্তীৰ্ণ অঞ্চল ৷ বৃহস্পতিবাৰে নেৰানেপেৰা বৰষুণৰ ফলত মথাউৰিটো ভগাৰ বাবে স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষক জগৰীয়া কৰে ৷ মথাউৰিটো ভগাৰ কিছু সময় পিচতে পলকতে অঞ্চলটোৰ লোকৰ ঘৰৰ ভিতৰ একাঁকাল পানীৰে ভৰি পৰে ৷ বানে ঘৰৰ দেৱাল আদি ভগাৰ লগতে সামগ্ৰীসমূহৰো বিস্তৰ ক্ষতিসাধন কৰে ৷ ইমানৰ পিচতো চৰকাৰে কিয় অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে বুলি সম্প্ৰতি ৰাইজে চৰকাৰলৈ এক প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

চত্ৰং নৈৰ বাঢ়নী পানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে গহপুৰত

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, অঞ্চলোটোৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বাবে গৰ্ভৱতী মহিলাও ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে ৷ বানৰ বাবে জৰুৰীকালীন 108 মৃত্যুঞ্জয় সেৱাও অহা নাই সেই অঞ্চলটোলৈ ৷ বানৰ ফলত অঞ্চলটোৰ প্ৰায় 5 শতাধিক লোক ক্ষতিগ্ৰস্ত হোৱা বুলিও উল্লেখ কৰে স্থানীয় লোকে ৷ তদুপৰি এই পৰ্যন্ত কোনো এগৰাকী স্থানীয় জনপ্ৰতিনিধি সেই বান বিধ্বস্ত এলেকালৈ আহি, ক্ষতিগ্ৰস্ত লোকসকলৰ খবৰ লোৱা নাই বুলি অভিযোগ উত্থাপনৰ লগতে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়কঃবান : জলমগ্ন ৰাজ্যৰ 37 টা ৰাজহ চক্ৰৰ 554 খন গাঁও

ABOUT THE AUTHOR

...view details