চতিয়া, 23 ডিচেম্বৰঃ ‘চতিয়া সমষ্টিৰ এক ইঞ্চি মাটিও সন্দেহজনক লোকৰ হাতত এৰি দিয়া নহ'ব’ এই মন্তব্য চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এক সংবাদমেল সম্বোধন কৰি শোণিতপুৰ জিলা প্ৰশাসনে কৰা উচ্ছেদ অভিযানৰ সম্বন্ধত মন্তব্য প্ৰদান কৰে ৷ শোণিতপুৰ জিলা প্ৰশাসনে কৰা উচ্ছেদৰ ভূমিত পুনৰ সন্দেহজনক লোকে ঘৰ সজা বুলি উল্লেখ কৰি এই সন্দেহজনক লোকসকলক উচ্ছেদ চলাবৰ বাবে দাবী জনায় বিধায়কগৰাকীয়ে ৷
চতিয়া সমষ্টিৰ এক ইঞ্চি মাটিও সন্দেহজনক লোকৰ হাতত এৰি দিয়া নহ'বঃপদ্ম হাজৰিকা - চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা
শোণিতপুৰ জিলা প্ৰশাসনে কৰা উচ্ছেদৰ ভূমিত পুনৰ সন্দেহজনক লোকে ঘৰ সজা বুলি উল্লেখ কৰি এই সন্দেহজনক লোকসকলক উচ্ছেদ চলাবৰ বাবে দাবী চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ একাংশ লোকৰ উচতনিত সন্দেহজনক লোকসকল উচ্ছেদিত স্থানত আকৌ ঘৰ সাজিছে বুলি মন্তব্য তেওঁৰ ৷
আনহাতে চতিয়া সমষ্টিৰ উচ্ছদিত সন্দেহজনক লোকৰ হৈ ৰূপহীৰ বিধায়ক নুৰল হুদাৰ মাত মতাৰ অধিকাৰ নাই বুলি বুলি উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ লগতে কয় যে, মোৰ সমষ্টিৰ মাটি কোনোবা মহিলা সমিতিক দিওঁ নে, এন.জি.অ’ক দিওঁ এই কথাত বিধায়ক নুৰল হুদাৰ মতামতৰ কোনো প্ৰয়োজন নাই ৷ ইয়াৰোপৰি তেওঁ কয় যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত প্ৰশাসনে ব্যস্ত থকাৰ সুযোগ লৈ একাংশ লোকৰ উচতনিত সন্দেহজনক লোকসকল উচ্ছেদিত স্থানত আকৌ ঘৰ সাজিছে ৷
আৰু পঢ়কঃNRCৰ পৰা বাদ পৰা ১৯ লাখৰ অধিকাংশই ভাৰতীয়ঃ আব্দুল খালেক