অসম

assam

ETV Bharat / state

গুপ্তকাশী বিশ্বনাথ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত তৰুণ গগৈৰ অস্থি বিসৰ্জন - বন্তি প্ৰজ্বলন

যোৰহাট পৰা সদ্ভাৱনা যাত্ৰা কৰি বিশ্বনাথ চাৰিআলি লৈ অনা হয় প্ৰয়াত তৰুণ গগৈৰ অস্থি । প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে লখিমপুৰ জিলা প্ৰদেশ কংগ্ৰেছ কমিতি আৰু দৰং জিলা প্ৰদেশ কংগ্ৰেছ কমিতিক প্ৰয়াত তৰুণ গগৈৰ অস্থি বিতৰণ প্ৰদান কৰে । গায়ন-বায়নৰ সৈতে এখন সু-সজ্জিত যন্ত্ৰ চালিত নাৱেৰে অস্থি বিসৰ্জন দিয়া হয় বৰলুইতত ।

santi sadbhabana yatra
santi sadbhabana yatra

By

Published : Dec 17, 2020, 10:41 PM IST

Updated : Dec 17, 2020, 10:57 PM IST

বিশ্বনাথ 17 ডিচেম্বৰ :বৃহস্পতি বাৰে গুপ্তকাশী বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অস্থি বিসৰ্জন দিয়ে বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে । বিশ্বনাথ চাৰিআলিৰ চন্দ্ৰপুৰ বাকৰিত দিন জোৰা কাৰ্যসূচীৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা পাছতে বিয়লি তিনি মান বজাত শ শ কংগ্ৰেছ কৰ্মীয়ে গুপ্তকাশী বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত বিশেষ যন্ত্ৰ চালিত নাৱৰ জৰিয়তে নদীৰ মাজত অস্থি বিসৰ্জন দিয়ে সদ্য প্রয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ।

গুপ্তকাশী বিশ্বনাথ ঘাট

যোৰহাট পৰা সদ্ভাৱনা যাত্ৰা কৰি বিশ্বনাথ চাৰিআলি লৈ অনা হৈছিল প্ৰয়াত তৰুণ গগৈৰ অস্থি । বৃহস্পতিবাৰে বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুৱাৰ পৰাই চন্দ্ৰপুৰ বাকৰিত অগণন গুণমুগ্ধ উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায় । পুৱাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় তৰুণ গগৈৰ অস্থিত । ইয়াৰ পাচতে অগণন গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনায় ‌।

সদ্ভাৱনা যাত্ৰা

ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সাংসদ গৌৰৱ গগৈৰ লগতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, প্ৰদেশ কংগ্ৰেছৰ মিডিয়া মুখপাত্ৰ বৰ্ণালী ফুকন, বিহালী সমষ্টি কংগ্ৰেছ নেতা ৰূপক শৰ্মা, পিংকু চৌধুৰী, প্ৰদেশ কংগ্ৰেছ সম্পাদক প্ৰেমলাল গঞ্জু, প্ৰাক্তন বিশ্বনাথ বিধায়ক নুৰজমাল চৰকাৰ, বিশ্বনাথ জিলাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাকে ধৰি কেইবা শতাধিক কংগ্ৰেছ কৰ্মী ।

ব্ৰহ্মপুত্ৰৰ বুকুত তৰুণ গগৈৰ অস্থি বিসৰ্জন

ইয়াৰ পাছতে প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে লখিমপুৰ জিলা প্ৰদেশ কংগ্ৰেছ কমিতি আৰু দৰং জিলা প্ৰদেশ কংগ্ৰেছ কমিটীক প্ৰয়াত তৰুণ গগৈৰ অস্থি বিতৰণ প্ৰদান কৰে ।

গুপ্তকাশী বিশ্বনাথ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত তৰুণ গগৈৰ অস্থি বিসৰ্জন
অস্থি বিতৰণ পাছতে বিশ্বনাথ ঘাটত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত গায়ন-বায়নৰ সৈতে এখন সু-সজ্জিত যন্ত্ৰ চালিত নাৱেৰে অস্থি বিসৰ্জন দিয়া হয় বৰলুইতত । শেহত বিশ্বনাথ ঘাটৰ মাছমৰীয়া সকলে ব্ৰহ্মপুত্ৰ নদীত যি বন বিভাগে মাছ মৰা বাধা আৰোপ কৰিছে তাৰ ওপৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰে সাংসদ গৌৰৱ গগৈ হাতত ।

লগতে পঢ়ক :আছু বৰ্তমান এটা ৰাজনৈতিক দলঃ মন্ত্ৰী পীযুষ হাজৰিকা

Last Updated : Dec 17, 2020, 10:57 PM IST

ABOUT THE AUTHOR

...view details