অসম

assam

By

Published : Nov 20, 2021, 8:27 PM IST

Updated : Nov 20, 2021, 10:23 PM IST

ETV Bharat / state

Kaziranga National Park : এটা মাহতে ১৮ হাজাৰৰো অধিক দেশ-বিদেশী পৰ্যটকে ভিৰ কৰিলে কাজিৰঙা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park)ৰ পৰ্যটক সকলে লাভ কৰিব কেইবাটাও নতুন সুবিধা ৷ পৰ্যটকৰ বাবে কেইবাটাও নতুন সুবিধা মুকলি কৰাৰ কথা সদৰী কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱ কুমাৰে ৷ তদুপৰি অক্টোবৰ আৰু নৱেম্বৰ মাহত ৰাষ্ট্ৰীয় উদ্যানখনত দেশী-বিদেশী বহু পৰ্যটকে ভিৰ কৰাৰ কথা সদৰী কৰিছে সঞ্চালক গৰাকীয়ে ৷

rush  of Tourist in Kaziranga National Park
এটা মাহতে ১৮ হাজাৰ দেশ-বিদেশী পৰ্যটকে ভিৰ কৰিলে কাজিৰঙা

বিশ্বনাথ, ২০ নৱেম্বৰ : যোৱা দুটা বছৰত ক'ভিড পৰিস্থিতিৰ বাবে অসমৰ পৰ্যটন ক্ষেত্ৰখন একেবাৰে স্তব্ধ হৈ পৰিছিল যদিও শেহতীয়াকৈ পৰ্যটনৰ ক্ষেত্ৰখনত স্বাভাৱিক অৱস্থা ঘূৰি অহা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ চৰকাৰে পৰ্যটনৰ স্থানসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ পাচতে বিশেষকৈ দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছে অসমৰ প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যান ৷

দেশ-বিদেশী পৰ্যটকে ভিৰ কৰিলে কাজিৰঙা

ব্যতিক্ৰম নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) ৷ ক'ভিড পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক হোৱাত যোৱা ১ অক্টোবৰ তাৰিখে অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰে । মুকলি দিনটোৰ পৰাই ৰাষ্ট্ৰীয় উদ্যানখনত ভিৰ কৰিছে দেশী-বিদেশী পৰ্যটকে ৷ এইটো ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ ৷

দেশ-বিদেশী পৰ্যটকে ভিৰ কৰিলে কাজিৰঙা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনৰ দিশটোৰ সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে কয়, ৰাষ্ট্ৰীয় উদ্যানখন মুকলি হোৱাৰ লগে লগে অক্টোবৰ মাহতে দেশী-বিদেশী প্ৰায় ১৮ হাজাৰৰো অধিক পৰ্যটকৰ আগমন হোৱাৰ লগতে বহু কেইজন বিদেশী পৰ্যটকৰ আগমন ঘটিছে ৷ প্ৰত্যেক গৰাকী পৰ্যটকেই ক'ভিড বিধি পালন কৰি জীপ চাফাৰী আৰু হাতী চাফাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখন উপভোগ কৰাৰ কথা জানিবলৈ দিয়ে পি শিৱকুমাৰে ৷

এটা মাহতে ১৮ হাজাৰৰো অধিক দেশ-বিদেশী পৰ্যটকে ভিৰ কৰিলে কাজিৰঙা

লগতে পঢ়ক:আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হাতী চাফাৰী

মন কৰিবলগীয়া যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ ক্ষেত্ৰত পৰ্যটক সকলক যিধৰণে সুবিধা দিব লাগে, সেই ধৰণৰ সুবিধা প্ৰদান কৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ কিছু পৰিমাণে ব্যৰ্থ হোৱাৰ কথা প্ৰকাশ কৰিছে সঞ্চালক গৰাকীয়ে ৷ তেওঁ এই সন্দৰ্ভত কয়, যোৱা অক্টোবৰ আৰু চলিত নৱেম্বৰ মাহত উদ্যানখনত ইমানেই পৰ্যটকে ভিৰ কৰিছে যে, বহু পৰ্যটকক হাতী চাফাৰীৰ সুবিধা দিব পৰা নাই । তথাপিও পৰ্যটক সকলে যাতে কোনো অসুবিধা নাপায় তথা সকলো সা-সুবিধা লাভ কৰে, তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

দেশ-বিদেশী পৰ্যটকে ভিৰ কৰিলে কাজিৰঙা

তদুপৰি সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে যে, পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি কলে দুটা স্থানতহে পৰ্যটক সকলে ভ্ৰমণ কৰিব পাৰিছিল; কিন্তু বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পূৰ্বৰ তুলনাত মাটিকালি বৃদ্ধি হোৱাত আন বহু কেইটা স্থান পৰ্যটকৰ বাবে শীঘ্ৰে মুকলি কৰি দিয়া হ'ব বুলি প্ৰকাশ কৰে সঞ্চালক গৰাকীয়ে ।

দেশ-বিদেশী পৰ্যটকে ভিৰ কৰিলে কাজিৰঙা

লগতে পঢ়ক:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ সংযোজন হ’ল মোনাবাৰী এলেকা

পৰ্যটকৰ সুবিধা অনুসৰি শীঘ্ৰে বিশ্বনাথ ঘাটক River Boating , চতিয়া পানপুৰ জীপ চাফাৰী, হাতী চাফাৰী আদিৰ বাবে সকলো ব্যৱস্থা কৰি থকা হৈছে । লগতে শীঘ্ৰে গহপুৰৰ গমিৰি ঘাটক ECO CAMP হিচাপে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে সঞ্চালক পি শিৱকুমাৰে । এই সন্দৰ্ভত সঞ্চালক গৰাকীয়ে কয়, বিশ্বনাথ ঘাটৰ পৰা গহপুৰ গমিৰি আৰু ধনশিৰিলৈ নাৱৰ জৰিয়তে পৰ্যটক সকলে ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰিবলৈ সুযোগ লাভ কৰিব ৷

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সম্প্ৰসাৰণ কৰি নতুনকৈ ১০ টা স্থান সংযোজন হৈছে । তাৰ ভিতৰত অন্যতম বিশ্বনাথৰ মোনাবাৰী সংৰক্ষিত অঞ্চল ৷ সঞ্চালক গৰাকীয়ে উল্লেখ কৰে যে, পূৰ্বে ২০২০ চনত ৯ টা সংযোজন আছিল যদিও শেহতীয়াকৈ নতুনকৈ বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী মোনাবাৰী সংৰক্ষিত অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংযোজন কৰা হৈছে ৷

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত পৰিসীমা 430 হেক্টৰ ভূমিৰ অধীনত আছিল যদিও বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি হৈছে 452 হেক্টৰ ভূমি । সঞ্চালক প্ৰধান পি শিৱকুমাৰে প্ৰকাশ কৰে যে, নতুনকৈ ৰাষ্ট্ৰীয় উদ্যানখন সম্প্ৰসাৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী, বনমন্ত্ৰী তথা বিহালী মোনাবাৰী বিশ্বনাথৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিধায়ক ৰঞ্জিত দত্তৰ লগতে ৰাইজে সহযোগিতা কৰিছে ৷

লগতে পঢ়ক:দীৰ্ঘদিনৰ অন্তত কাজিৰঙালৈ আহিল প্ৰথম গৰাকী বিদেশী পৰ্যটক

Last Updated : Nov 20, 2021, 10:23 PM IST

ABOUT THE AUTHOR

...view details