বিশ্বনাথ, 1 ডিচেম্বৰঃ বিশ্বনাথৰ অন্য়তম স্বেচ্ছাসেৱী সংগঠন টিপকাইৰ উদ্যোগত ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠিত হয় মাৰাথন দৌৰ ৷ 2015 চনৰ পৰাই স্বেচ্ছাসেৱী সংগঠনটোৱে বিভিন্ন সামাজিক কাম-কাজৰ লগতে অনুষ্ঠিত কৰি আহিছে এই মাৰাথন দৌৰ প্ৰতিযোগিতা ৷
বিশ্বনাথত স্বচ্ছতাৰ বাবে মাৰাথন দৌৰ - বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাসৰ প্ৰতিবেদন
বিশ্বনাথৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন টিপকাইৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এক মাৰাথন দৌৰ ৷ স্বচ্ছতাক মুল লক্ষ্য কৰিয়ে আয়োজন কৰা হয় এই বিশেষ মাৰাথন দৌৰ ৷ বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাসৰ প্ৰতিবেদন ৷
বিশ্বনাথত স্বচ্ছতাৰ বাবে মাৰাথন দৌৰ
তিনিটা বছৰ পূৰ্ণ কৰা টিপকাই সংগঠনে শিৱসাগৰ, গুৱাহাটী আৰু বিশ্বনাথত অনুষ্ঠিত কৰিছে এইছে মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ বিশ্বনাথ জিলা আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত দেওবাৰে অনুষ্ঠিত কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বহুসংখ্যক প্ৰতিযোগীয়ে ৷ বিশ্বনাথৰ গুপ্তকাশী ঘাটৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা জিলা উপায়ুক্তৰ কাৰ্যালয়ত অন্ত পৰে ৷
লগতে পঢ়কঃ বেলেষ্টিক মিচাইল ‘অগ্নি 3’ ৰ সফল নৈশ পৰীক্ষণ সম্পন্ন