অসম

assam

গহপুৰৰ হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

By

Published : Jun 25, 2022, 9:35 PM IST

গহপুৰৰ হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা (Road accident on National Highway) ৷ নিশাৰ ভাগত পথত ৰখাই থোৱা এখন নম্বৰবিহীন ১০ চকীয়া ট্ৰাকত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে লখিমপুৰ অভিমুখে AS 32 C 0565 নম্বৰৰ তেল কঢ়িয়াই নিয়া এখন টেংকাৰে ৷ ডেৰ ঘণ্টা ধৰি বাহনৰ চেপাত আবদ্ধ হৈ থাকিল মৃত্যুঞ্জয় গুপ্তা নামৰ হেণ্ডিমেনজন ৷

critically-injured-handyman-of-vehicle-in-behali
গহপুৰৰ হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

বিহালী, ২৫ জুন:গহপুৰৰ হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা (Accident in Behali) । শুকুৰবাৰে নিশাৰ ভাগত লখিমপুৰ অভিমুখে AS 32 C 0565 নম্বৰৰ তেল কঢ়িয়াই নিয়া এখন টেংকাৰে পথত ৰখাই থোৱা অৱস্থাত এখন নম্বৰবিহীন ১০ চকীয়া ট্ৰাকত পিছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

ডেৰ ঘণ্টা ধৰি বাহনৰ চেপাত আবদ্ধ হৈ থাকিল বাহনখনৰ হেণ্ডিমেন (Critically injured Handyman of vehicle) ৷ হেণ্ডিমেনজনৰ নাম মৃত্যুঞ্জয় গুপ্তা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাৰ ফলত হেণ্ডিমেনজনৰ এটা ভৰি সম্পূৰ্ণ ৰূপে বিকল হৈ পৰে ৷

উল্লেখ্য যে, চাৰিলেনযুক্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিদিনাই দায়িত্বহীন আৰু গাফিলতিৰ গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে DCC কোম্পানীৰ বিৰুদ্ধে (DCC Company) । পথ নিৰ্মাণত ব্যৱহাৰ হোৱা ড্ৰাম্পাৰ, ট্ৰাককে আদি কৰি বিভিন্ন যান্ত্ৰিক বাহনসমূহ পথত কোনো সতৰ্কীকৰণ সংকেট নিদিয়াকৈ ৰখাই থোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ক’লে স্থানীয় লোকসকলে ৷ পূৰ্বতেও DCC কোম্পানীৰ গাফিলতিৰ বাবেই পথচোৱাত সৰু বৰ বহুকেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰি পৰৱৰ্তী সময়তো আৰু অধিক দুৰ্ঘটনাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক:বাছ চালকৰ অতপালিত প্ৰাণ হেৰুৱালে পথচাৰীয়ে

ABOUT THE AUTHOR

...view details