বিশ্বনাথ,8 মে’: বিশ্বনাথ নগৰত শুকুৰবাৰে নিশা প্ৰায় 11 বজাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । নৈশ বাছৰ খুন্দাত থিতাতে নিহত হয় বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মী ।
উল্লেখ্য যে, শুকুৰবাৰে নিশা বিশ্বনাথৰ পাভৈ পথৰ পৰা দেৱ টেৰাং নামৰ এগৰাকী ব্যক্তিয়ে স্কুটী লৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ নৈশ কৰ্তব্য সমাপনৰ বাবে আহি থকা অৱস্থাত নগৰখনৰ পুলিচ পইণ্ট অতিক্ৰম কৰাৰ মুহুৰ্ততে লক্ষীমপুৰৰ পৰা আহি থকা As 01 EC 3103 নম্বৰৰ নৈশ বাছখনে মহতিয়াই নিয়ে স্কুটী আৰোহী দেৱজিৎ টেৰাঙক । লগে লগে স্কুটী আৰোহী টেৰাং নৈশ বাছখনৰ তলত সোমাই যায় আৰু বাছখনে আৰোহীজনক বচাবলৈ চেষ্টা কৰি পুলিচ পইণ্টৰ সংকেত পৰিবাহী খুঁটাত খুন্দিয়ায় ৷ লগতে এটা বৈদুতিক খুঁটাও ভাঙি পেলাই নৈশ বাছখনে ।