অসম

assam

ETV Bharat / state

বিহালীত পথ দুৰ্ঘটনা

বিহালীত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা (ROAD ACCIDENT) ৷ দুৰ্ঘটনাটোত আহত হৈছে কেইবাগৰাকী শ্ৰমিক(LABOUR) ৷ গুৰুতৰভাৱে আহত শ্ৰমিক কেইজনক তেজপুৰ মেডিকেল কলেজ হাস্পতাল (TEZPUR MEDICAL COLLEGE HOSPITAL) লৈ প্ৰেৰণ কৰা হৈছে ৷

Road Accident At Bihali Biswanath District
বিহালীত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Jun 19, 2021, 10:26 PM IST

বিশ্বনাথ, 19 জুন : শনিবাৰে বিয়লি প্ৰায় 5 মান বজাত বিশ্বনাথ জিলা (Biswanath District)ৰ বিহালীৰ কাচমাৰীত সংঘটিত হয় এটা পথ দুৰ্ঘটনা ৷ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে কেইগৰাকীমান শ্ৰমিক কঢ়িয়াই নিয়াৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত আহত হৈছে কেইবাগৰাকীও শ্ৰমিক ৷

জানিব পৰা মতে, বিহালী থানা(Bihali Police station) ৰ অন্তর্গত কাচমাৰী গাঁৱত বিয়লি ৫ মান বজাত এখন বলেৰ' বাহনে ৰৌমাৰীৰ মাঘেৰ পৰা বিহালীলৈ কেইগৰাকীমান শ্রমিক কঢ়িয়াই নিছিল ৷ কিন্তু অতৰ্কিতে ছাগলী এটা সন্মুখলৈ অহাত নিয়ন্ত্ৰণ হেৰুৱাই পথটোত বাগৰি পৰে শ্ৰমিক কঢ়িয়াই নিয়া বলেৰ' বাহনখন । উক্ত পথ দুর্ঘটনাটোত ৬ জন শ্রমিক গুৰুতৰভাৱে আহত হয় ।

বিহালীত ভয়ংকৰ পথ দুৰ্ঘটনা

আহত হোৱা শ্ৰমিক কেইজনক বৰগাং আদর্শ চিকিৎসালয় (Bargang Model Hospital)ত ভৰ্তি কৰে ৷ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাল (TEZPUR MEDICAL COLLEGE HOSPITAL) লৈ প্ৰেৰণ কৰে শ্ৰমিক কেইজনক । দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ হৈছে - As 07 AC 6044 ৷

লগতে পঢ়ক- এতিয়াৰে পৰা বিদ্যুতৰ বিল পৰিশোধ নকৰিলে কৰ্মচাৰীয়ে নাপাব দৰমহা

ABOUT THE AUTHOR

...view details