বিশ্বনাথ, 20 জুনঃ আগন্তুক বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে ৰাজনৈতিক দলসমূহ ৷ সাজু হৈছে কংগ্ৰছ দলো ৷ আগন্তুক নিৰ্বাচন আৰু বহিঃৰাজ্যৰ পৰা অসমলৈ অহা শ্ৰমিক সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ভিন্ন মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷
অসমৰ ভৱিষ্যৎ মংগলৰ অৰ্থে 2021ত বিজেপিক উৎখাত কৰিবই লাগিবঃ ৰিপুন বৰা - ৰিপুন বৰা
বহিঃৰাজ্যৰ পৰা অসমলৈ অহা শ্ৰমিক আৰু আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰে হোৱা,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷ চাওক এই প্ৰতিবেদন...
![অসমৰ ভৱিষ্যৎ মংগলৰ অৰ্থে 2021ত বিজেপিক উৎখাত কৰিবই লাগিবঃ ৰিপুন বৰা ripun borah exclusive interview with etv bharat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7694141-531-7694141-1592637526044.jpg)
2021 বৰ্ষৰ নিৰ্বাচনত যিকোনো উপায়েৰে বিপেজি দলক পৰাভূত কৰিবলৈ কংগ্ৰেছ দলে বিজেপি বিৰোধী দল সমূহক লৈ আগন্তুক নিৰ্বাচনত যুঁজ দিব বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে ৷ তদুপৰি এই সাক্ষাৎকাৰত ৰিপুন বৰাই উল্লেখ কৰে যে,বিজেপি চৰকাৰ খনৰ বহিঃৰাজ্যৰ শ্ৰমিকসকলৰ প্ৰতি নাছিল কোনো ধৰণৰ দায়বদ্ধতা ৷ তেওঁলোকে অপৰিকল্পিতভাৱে ঘোষণা কৰা লক ডাউনৰ বাবে শ্ৰমিক সকলে দুৰ্ভোগ ভুগিবলগীয়া হ'ল ৷ এনেদৰে কৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বৰ্তমানৰ চৰকাৰ খনক দায়িত্বজ্ঞানহীন আখ্যা দিয়ে ৷
লগতে পঢ়কঃগৰীৱ কল্যাণ যোজনাৰ পৰা অসম বাদ পৰাকলৈ প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ