বিশ্বনাথ,২৪ মে': অসম প্ৰদেশ কংগ্ৰেছৰ সহযোগত গহপুৰত প্ৰাক্তন বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই আৰম্ভ কৰে খাদ্য সামগ্ৰী আৰু ফল-মূল বিতৰণ কাৰ্যসূচী ।
সমগ্ৰ অসমৰ লগতে গহপুৰতো অসম প্ৰদেশ কংগ্ৰেছ কৰ্মীয়ে আৰম্ভ কৰিছে ক'ভিড ৰোগীৰ মাজত খাদ্য সামগ্ৰী, মাস্ক, ঔষধ আৰু চেনিটাইজাৰ বিতৰণ কাৰ্যসূচী । সোমবাৰে ৰিপুণ বৰাৰ গৃহ সমষ্টি গহপুৰৰ অন্তৰ্গত কলাবাৰী মডেল হাস্পতালত চিকিৎসাধীন ক'ভিড ৰোগীসকলৰ মাজত খাদ্য সামগ্ৰী আৰু ফল-মূল বিতৰণ কৰে ।