বিশ্বনাথ, ২ জুলাইঃঅসমৰ কৃষি ভূমিত সহজে উদ্যোগ স্থাপন কৰিব পাৰি বুলি কেবিনেটত লোৱা সিদ্ধান্তত জাঙুৰ খাই উঠিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী সভাপতি ৰিপুন বৰা । শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই নিজ বাসগৃহত এখনি সংবাদ মেল সম্বোধন কৰি ৰাজ্য চৰকাৰে অসমৰ কৃষি ভূমিত প্ৰথম তিনিটা বছৰ কোনো চৰকাৰী অনুজ্ঞাপত্ৰ পত্ৰ নোলোৱাকৈ উদ্যোগ স্থাপন কৰিব পাৰিব বুলি কেবিনেটত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।
অসমত বিজেপি চৰকাৰে জাতি,মাটি, ভেটিৰ তিনিটা শ্ল'গান লৈ চৰকাৰ গঠন কৰিছিল কিন্তু আজি সেই চৰকাৰে অসমীয়া জাতি মাটি ভেটি বিক্ৰী কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰি উদ্যোগ নীতি প্ৰস্তুত কৰিছে বুলি সংবাদ মেলত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ ইয়াৰোপৰি সংবাদমেলৰ জৰিয়তে কংগ্ৰেছ চৰকাৰৰ ভূমি নীতি বাহাল ৰখাৰ দাবী জনাই ৰিপুন বৰাই ৷