অসম

assam

ETV Bharat / state

গহপুৰত দৰিদ্ৰ ৰোগীলৈ বিনামূলীয়াকৈ বাইক এম্বুলেঞ্চ - এম্বুলেঞ্চ সেৱা

গহপুৰৰ সাংবাদিক কুকিল বৰুৱাই দৰিদ্ৰ লোকসকলক বাবে হাতত লৈছে প্ৰশংসনীয় পদক্ষেপ । দৰিদ্ৰ লোকসকলে এতিয়াৰে পৰা গহপুৰত লাভ কৰিব বিনামূলীয়াকৈ বাইক এম্বুলেঞ্চ সেৱা ৷

Riporter Give For Poor People bike ambulane
দৰিদ্ৰ ৰোগীলৈ বিনামূলীয়াকৈ বাইক এম্বুলেঞ্চ সেৱা মুকলি

By

Published : Jul 16, 2020, 6:04 PM IST

বিশ্বনাথ, 16 জুলাইঃ গহপুৰ মহকুমা ডুবিয়াৰ জাৰণি গাৱঁৰ গোবিন বৰুৱা পুত্ৰ সাংবাদিক ডাঃ কুকিল বৰুৱাই সুদীৰ্ঘ বছৰ ধৰি সংবাদ সেৱা কৰি আহিছে গহপুৰ তথা অসমৰ বিভিন্ন স্থান পৰা । ইতিমধ্যে সাংবাদিক ডাঃ কুকিল বৰুৱাই দৰিদ্ৰ লোকসকলৰ বাবে লৈছে এক বিশেষ পদক্ষেপ ৷

দৰিদ্ৰ ৰোগীলৈ বিনামূলীয়াকৈ বাইক এম্বুলেঞ্চ সেৱা মুকলি

ডাঃ কুকিল বৰুৱাই সুদীৰ্ঘ বছৰ ধৰি সংবাদ সেৱাৰ মাজতে তেওঁ নিজৰ প্ৰাপ্য ধনেৰে বহু দৰিদ্ৰ দুখীয়া লোকক সহায় কৰি আহিছে ৷ তাৰোপৰি তেওঁ সম্পূৰ্ণ ব্যক্তিগত ভাৱে গহপুৰৰ দৰিদ্ৰ ৰাইজৰ বাবে বিনামূলীয়াকৈ এখন বাইক এম্বুলেঞ্চ সেৱা মুকলি কৰিছে । উল্লেখযোগ্য যে,সাংবাদিক ডাঃ কুকিল বৰুৱাই ইটিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে যে,গহপুৰ সমষ্টিটো অধিকাংশ অঞ্চল বাৰিষা আহিলে বানৰ কবলত পৰে । যাৰ বাবে সমষ্টিটো বিভিন্ন স্থানত এম্বুলেঞ্চ বা গাড়ী যোৱাটো সম্ভৱ নহয় তাৰ ফলত বহু ৰোগী সময়ত চিকিৎসালয়লৈ নিব পৰা নাযায়। সেই দৰিদ্ৰ ৰোগী সকলৰ অসুবিধা হোৱাৰ প্ৰতি লক্ষ্য কৰি সাংবাদিক গৰাকীয়ে প্ৰথমে ৰোগী গৰাকীক প্ৰাথমিক চিকিৎসাৰ সুবিধা হোৱাকৈ বাইক এম্বুলেঞ্চ সেৱা ৰাইজলৈ আগবঢ়াই দিছে। কাৰণ যিটো ঠাইত ৰোগী জনক গাড়ীৰে আনিবলৈ সক্ষম নহয়,সেই ঠাইলৈ গৈ ৰোগী জনক অতি কম সময়ৰ ভিতৰতে এই বাইক এম্বুলেঞ্চ খনৰ জৰিয়তে চিকিৎসালয়ত ভৰ্তি হোৱাত সুবিধা হ'ব বুলি বিশ্বাস কৰে সাংবাদিক কুকিল বৰুৱাই ।

দৰিদ্ৰ ৰোগীলৈ বিনামূলীয়াকৈ বাইক এম্বুলেঞ্চ সেৱা মুকলি

আনহাতে,তেওঁ লগতে কয় যে এজন ৰোগী যদি চিকিৎসালয়ত সুস্থ হৈ এই বাইকৰ জৰিয়তে ঘৰলৈ যাবলৈ বিচাৰে তেন্তে তেওঁ এই বাইক এম্বুলেঞ্চৰ জৰিয়তে ৰোগী জনক ঘৰত থোৱাৰো দায়িত্ব ল'ব বুলিও মন্তব্য কৰে । প্ৰথম পৰ্যায়ত এখন বাইক আগবঢ়োৱা হৈছে যদিও ৰাইজৰ যদি প্ৰয়োজন বুলি ভাৱে অনাগত দিনত এই বাইক সেৱা বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰে সাংবাদিক গৰাকীয়ে । আনহাতে সাংবাদিক গৰাকীয়ে অতি কম সময়ৰ ভিতৰত তেওঁ ব্যক্তিগত খৰছত গহপুৰবাসীক আন এক বিনামূলীয়া সেৱা দিয়া পৰিকল্পনা মনত পুহি ৰখা কথাও উল্লেখ কৰি কয় যে গহপুৰৰ দৰিদ্ৰ পৰিয়ালৰ বাবে এখন স্বৰ্গৰথ আগবঢ়াব‌ । এই সেৱাৰ বাবে ৰাইজে 8812069761 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনায়। সাংবাদিক কুকিল বৰুৱাৰ এই পদক্ষেপক মানৱ অধিকাৰ সংগ্ৰাম সমিতি ৰাজ্যিক সচিবে গহপুৰ বাসীৰ দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হ'ল বুলি উল্লেখ কৰে ।

লগতে পঢ়ক- বানাক্ৰান্তৰ কাষত সাংসদ আব্দুল খালেক

ABOUT THE AUTHOR

...view details