অসম

assam

By

Published : Sep 17, 2019, 11:59 PM IST

ETV Bharat / state

গঁড় চিকাৰীৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষীৰ অভিযান, বিশ্বনাথত বন সংমণ্ডলৰ জালত চোৰাং চিকাৰী

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চামগুৰি আৰু জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউচুফ আলি ওৰফে ইচপ নামৰ চোৰাং চিকাৰীটো ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা বিশ্বনাথ বন সংমণ্ডলৰ, বিশ্বনাথ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয়ে চোৰাং চিকাৰী বিৰোধী অভিযানত সোমবাৰে দিনৰ ১২ মান বজাত এক গোপন সুত্ৰৰ পম খেদি গহপুৰৰ গোপাল জাৰণি আৰু বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ পৰা ৫ টাকৈ কুখ্যাত চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

কলিয়াবৰ আৰু বিশ্বনাথৰ পৰা চোৰাং চিকাৰীক আটক

নিউজ ডেস্ক, 17 চেপ্তেম্বৰঃ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চামগুৰি আৰু জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউচুফ আলি ওৰফে ইচপ নামৰ চোৰাং চিকাৰীটো ৷ চামগুৰিৰ পৰা ডবকাৰ দিশে পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউচুফক । উল্লেখযোগ্য যে, কুঠৰীৰ দেওপানী অঞ্চলৰ বাসিন্দা ইউচুফ কেইবাটাও গঁড় হত্যাৰ লগত জড়িত ৷ পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইউচুফক । জখলাবন্ধা আৰক্ষীৰ সফল অভিযান-আৰক্ষীৰ জালত পৰে তিনিটা গঁড় হত্যা লগত জড়িত দুধৰ্ষ চোৰাং চিকাৰীটো । এক গোপন সূত্ৰৰ পম খেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ উদ্দেশ্যৰে অহা গঁড় চিকাৰীকটোক গ্ৰেপ্তাৰ কৰে জখলাবন্ধা আৰক্ষীয়ে ।

কলিয়াবৰ আৰু বিশ্বনাথৰ পৰা চোৰাং চিকাৰীক আটক

ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা বিশ্বনাথ বন সংমণ্ডলৰ, বিশ্বনাথ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয়ে চোৰাং চিকাৰী বিৰোধী অভিযান অব্যাহত ৰাখিছে । বিশ্বনাথ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱা আৰু গমিৰি ৰেঞ্জৰ নয়নজ্যোতি গগৈ, উদ্দিত চুতীয়াৰ লগতে জিনজিয়া আৰক্ষী বিষয়া বিশ্বজিৎ মেধী আৰু বিশেষ গঁড় সুৰক্ষা বাহিনী আৰু অসম বন সুৰক্ষা বাহিনী সহযোগত সোমবাৰে দিনৰ ১২ মান বজাত এক গোপন সুত্ৰৰ পম খেদি গহপুৰৰ গোপাল জাৰণি আৰু বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ পৰা ৫ টাকৈ কুখ্যাত চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
প্ৰথমে বন বিভাগৰ দলটোৱে গহপুৰ গোপাল জাৰণি পৰা দুটা চোৰাং চিকাৰী আটক কৰা পিছতে আন তিনিটা চোৰাং চিকাৰীক বিশ্বনাথ চাৰিআলি বাঘমাৰীত অৱস্থিত সাতভনী নামৰ হোটেল খনৰ পৰা আটক কৰিবলৈ সক্ষম হয় । এই 5 জনীয়া চোৰাং চিকাৰী দলটোৰ ভিতৰত এটা চোৰাং চিকাৰী পূৰ্বৰ গঁড় হত্যা লগত জড়িত আছিল লগতে এই চোৰাং চিকাৰীটোক বিচাৰি তদন্ত অব্যাহত ৰাখিছিল বন বিভাগে ।
ইফালে চোৰাং চিকাৰী দলটোক অধিক তথ্য বাবে সোধ-পোছ অব্যাহত ৰাখিছে বিশ্বনাথ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয়ে । চোৰাং চিকাৰী কেইটা ক্ৰমেঃ বুধিন্দ্ৰ কামান, প্ৰণৱ কুটুম, সুভন কুটুম, শিৱগুৰু পেগু, কুআৱাটি পেগু ৷ উল্লেখযোগ্য ২০১৯ বৰ্ষৰ ৮ এপ্ৰিলত গমিৰি বনাঞ্চলিক কাৰ্যালয় অধীনৰ লখৰা চাপৰিত এই চোৰাং চিকাৰী দলটোয়ে এটা গঁড় হত্যা কৰি খৰ্গ ৩০ লাখ টকাত ইটানগৰত বিক্ৰী কৰা বুলি প্ৰকাশ কৰে চোৰাং চিকাৰী দলটোৱে । ইফালে চোৰাং চিকাৰী দলটো পৰা ১২ টা গঁড়ৰ নখ জব্দ কৰা লগতে এখন মটচাইকেলৰ লগতে 4টা মোবাইল কৰিবলৈ সক্ষম হয় । আনহাতে নখ কেইটা বিক্ৰী কৰিবলৈ দৰ-দাম কৰি থকা সময়তে চোৰাং চিকাৰী দলটোক আটক কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটোৱে । বন বিভাগে জানিবলৈ দিয়ে মতে, নখ কেইটা এটাত ৬ হাজাৰ টকাকৈ বিক্ৰী কৰিবলৈ লোৱা বুলি চোৰাং চিকাৰী দলটোৱে বন বিভাগক অৱগত কৰে ।

ABOUT THE AUTHOR

...view details