অসম

assam

By

Published : Feb 20, 2021, 8:41 PM IST

ETV Bharat / state

মাজুলীৰ পৰা আটক দুধৰ্ষ চোৰাং চিকাৰী

বনবিভাগ আৰু গহপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত আটক কৰা হয় লক্ষ্য পেগু নামৰ এটা চোৰাং চিকাৰী । বোকাখাতৰ কমাৰগাওঁ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ অধীনত কেইবাটাও ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে লক্ষ্য পেগুৰ বিৰুদ্ধে ।

মাজুলীৰ পৰা আটক দুধৰ্ষ চোৰাং চিকাৰী
মাজুলীৰ পৰা আটক দুধৰ্ষ চোৰাং চিকাৰী

বিশ্বনাথ,২০ ফেব্ৰুৱাৰী:মাজুলীত শুকুৰবাৰে পুৱতি নিশা আটক এটা দুধৰ্ষ চোৰাং চিকাৰী । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সংমণ্ডলৰ বনকৰ্মী আৰু গহপুৰৰ আৰক্ষীয়ে চলোৱা এক অভিযানত আটক কৰা হয় লক্ষ্য পেগু নামৰ চোৰাং চিকাৰীটোক । গহপুৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ লগতে গমিৰিৰ ৰেঞ্জাৰ প্ৰাঞ্জল গগৈ নেতৃত্বত যোৱা এটা বনকৰ্মী দলে মাজুলীৰ পৰা আটক কৰে চোৰাং চিকাৰীটোক ৷ গহপুৰৰ লোহিতমুখৰ লক্ষ্য পেগুৰ নেতৃত্বত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেইবাটাও গঁড় নিধন কৰা অভিযোগ উত্থাপিত হৈছিল ।

মাজুলীৰ পৰা আটক দুধৰ্ষ চোৰাং চিকাৰী

জানিব পৰা মতে লক্ষ্য পেগুৱে গঁড় হত্যা কৰা একাংশ চিকাৰীক সহযোগ কৰিছিল যাৰ বাবে এক গোচৰত ২০০০ চনত জেললৈ গৈছিল লক্ষ্য পেগু । কিন্তু বন বিভাগক লক্ষ্য পেগুৱে স্বীকাৰ কৰা মতে জেলৰ পৰা ওলাই অহাৰ পিছত তেওঁ এই কামৰ লগত জড়িত হোৱা নাই । অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভ তদন্ত অব্যাহত ৰাখিছে । বোকাখাতৰ কমাৰগাওঁ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ অধীনত কেইবাটাও ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে লক্ষ্য পেগুৰ বিৰুদ্ধে ।

লগতে পঢ়ক:তেজপুৰস্থিত ভাৰতীয় বায়ুসেনা চাউনীত আটক 9 জন সন্দেহজনক নাগৰিক

ABOUT THE AUTHOR

...view details