বিশ্বনাথ ৩১ অক্টোবৰঃ বিশ্বনাথ বন সংমণ্ডল অধীনৰ অপৰাধ অনুসন্ধান শাখাৰ এটা অভিযানকাৰী দলে গহপুৰৰ বাতমাৰিত লক্ষ্মী পূজা উপলক্ষে অনুষ্ঠিত হোৱা এখন মেলাৰ পৰা গোপন সূত্ৰৰ পম খেদি এটা কুখ্যাত গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয় । কুখ্যাত গঁড় চিকাৰীটোৰ নাম কিশোৰ কামাং(৩৫) ঘৰ গহপুৰৰ বৰতামুলী গাঁৱত বুলি জানিব পৰা গৈছে ।
বিশ্বনাথৰ বন বিভাগৰ জালত কুখ্যাত গড় চিকাৰী - গোপন সূত্ৰৰ পম খেদি
বিগত বৰ্ষত গহপুৰৰ লখৰা চাপৰিত চোৰাং চিকাৰীয়ে হত্যা কৰা গড়টোৰ মূল হত্যাকৰী তথা মুল নায়ক আছিল আটকাধীন কিশোৰ কামাং। সেই সময়ৰ পৰাই কুখ্যাত গড় চিকাৰীজন পলাতক অৱস্থাত আছিল।
![বিশ্বনাথৰ বন বিভাগৰ জালত কুখ্যাত গড় চিকাৰী rhino poacher apprehended at biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9383158-278-9383158-1604154437026.jpg)
বিশ্বনাথৰ বন বিভাগৰ জালত কুখ্যাত গড় চিকাৰী
লগতে পঢ়কঃ কোকৰাঝাৰত পথৰ দুৰৱস্থাৰ বাবে প্ৰাণ গ’ল এজনৰ