অসম

assam

ETV Bharat / state

বিশ্বনাথত খাদ্যৰ সন্ধানত গঁড়ৰ মুক্ত বিচৰণ

বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় 6 মান বজাত প্ৰকাণ্ড গঁড়টো দেখা মাত্ৰকে হুৱা-দুৱা লাগে অঞ্চলটোত ৷ ঘটনা সন্দৰ্ভত ততালিকে স্থানীয় ৰাইজে যোগাযোগ কৰে বনকৰ্মীৰ সৈতে ৷

বিশ্বনাথ
গঁড়ৰ মুক্ত বিচৰণ

By

Published : Feb 6, 2020, 12:37 PM IST

Updated : Feb 6, 2020, 3:21 PM IST

বিশ্বনাথ,6 ফেব্ৰুৱাৰীঃ বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় 6 মান বজাত প্ৰকাণ্ড গঁড়টো দেখা মাত্ৰকে হুৱা-দুৱা লাগে অঞ্চলটোত ৷ ঘটনা সন্দৰ্ভত ততালিকে স্থানীয় ৰাইজে যোগাযোগ কৰে বনকৰ্মীৰ সৈতে ৷ বন বিভাগৰ এটি দল পলমকৈ ঘটনাস্থলীত উপস্থিত হয় যদিও উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷

গঁড়ৰ মুক্ত বিচৰণ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী মোনাবাৰীলৈ এইদৰে প্ৰায়ে খাদ্যৰ সন্ধানত ওলাই আহে বন্যপ্ৰাণীসমূহ ৷ অঞ্চলটোত প্ৰথমে মোনাবাৰী আদিবাসী ছাত্র সন্থাৰ সদস্যসকলে গঁড়টো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় ৷ বন বিভাগৰ লোকে বৰ্তমান গঁড়টোক অঞ্চলটোৰ পৰা খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

মোনাবাৰী চাহ বাগিচাৰ জনাঞ্চলত গঁড়

লগতে চাওকঃবটদ্ৰৱাত আৰক্ষীৰ ছত্ৰ ছায়াত মুকলি জুৱা !

Last Updated : Feb 6, 2020, 3:21 PM IST

ABOUT THE AUTHOR

...view details