অসম

assam

ETV Bharat / state

বিশ্বনাথত দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত পৰ্যালোচনা সভা - D C Deba Kumar Mishra discusses flood mitigation measures

আগন্তুক দিনত বিশ্বনাথ জিলাৰ কোনো মথাউৰি যাতে নভগাকৈ বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন কৰিব পৰা যায়, সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মঙলবাৰে উপায়ুক্তৰ সভাকক্ষত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (National Disaster Management Authority) ৰ উদ্যোগত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷

dc-deba-kumar-mishra-discusses-flood-mitigation-measures
ডিব্ৰুগড়ত দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত পৰ্যালোচনা সভা

By

Published : Mar 8, 2022, 10:51 PM IST

বিশ্বনাথ, 8 মাৰ্চ : মঙলবাৰে সমাগত বানপানীৰ সময়ত প্ৰশাসনে ল’বলগীয়া আগতীয়া ব্যৱস্থা সম্পৰ্কত জিলা উপায়ুক্তৰ সভাকক্ষত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (National Disaster Management Authority) ৰ উদ্যোগত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ এই সভাত আগন্তুক দিনত বিশ্বনাথ জিলাৰ কোনো মথাউৰি যাতে নভগাকৈ বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন কৰিব পৰা যায়, সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে বিশ্বনাথ জিলাৰ উপায়ুক্ত দেব কুমাৰ মিশ্ৰই (Review meeting at Disaster Management Authority's initiative) ৷

জিলাখনৰ সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বানপানীৰ সময়ত জিলাখনক সুৰক্ষিত কৰি ৰখাৰ বাবে প্ৰতিটো বিভাগে হাতত ল’বলগীয়া সম্ভৱপৰ সকলো পদক্ষেপ সম্পৰ্কত বিশদভাৱে আলোচনা কৰে ৷ লগতে, সভাত প্ৰতিটো বিভাগক বানপানী সন্দৰ্ভত নিজ নিজ পৰিকল্পনাসমূহ শীঘ্ৰে প্ৰস্তুত কৰি জিলা দুৰ্যোগ প্ৰসমন প্ৰাধিকৰণত জমা কৰিবলৈ নিৰ্দেশ দিয়ে ৷

ইয়াৰোপৰি, জিলাখনৰ আগন্তুক বানৰ লগত মোকাবিলা কৰিবলৈ সকলো দিশ যেনে, সাহায্য শিবিৰৰ ঠাইসমূহ চিনাক্ত কৰা, ততাতৈয়াকৈ সাহাৰ্য সামগ্ৰী যোগান ধৰা আদিৰ উপৰিও, অসম দুৰ্যোগ ব্যৱস্থাপনা হাতপুথি (Assam DM Manual) ৰ মতে সকলো সুবিধা যাতে ৰাইজে লাভ কৰিব পাৰে, সেই সম্পৰ্কেও বিস্তাৰিত ভাবে আলোচনা কৰা হয় ৷ এই আলোচনাত প্ৰতিটো সাহাৰ্য শিবিৰতে শিশুৰ বাবে একোটিকৈ বিশেষ কোঠা ৰখাৰ বাবেও বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয় ৷

লগতে পঢ়ক :৩৩ শতাংশ চৰকাৰী চাকৰি হ’ব মহিলাৰ বাবে সংৰক্ষণ: অমিত শ্বাহ

ABOUT THE AUTHOR

...view details