বিশ্বনাথ, 11 ছেপ্তেম্বৰ: মাজুলীত অব্যাহত কান্দোনৰ ৰোল ৷ অভিশপ্ত বুধবাৰৰ দিনা মাজুলীৰ নৌকা দুৰ্ঘটনা সংঘটিত হোৱাৰ তিনিটা দিন পাৰ হোৱাৰ পাচতো সন্ধানহীন হৈ আছিল যোৰহাটৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱা আৰু লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰা (জান) ৷ কিন্তু আজি অৰ্থাৎ শনিবাৰে পুৱাই উদ্ধাৰ হৈছে জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ ৷
বিশ্বনাথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰপাৰত ষষ্ঠ সংযোজনৰ বিশ্বনাথ ঘাটত উদ্ধাৰ মৃতদেহটো ৷ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ৷ মৃতদেহটোৰ সোঁ হাতত ‘J’ আখৰৰ এটা আঙুঠি প্ৰতক্ষ্য কৰিছিল আৰক্ষীয়ে ৷ আঙুঠি আৰু মৃতদেহটোৰ মানি বেগত থকা কাৰ্ড আৰু ফটোৰ দ্বাৰা চিনাক্ত কৰা হৈছে মৃতদেহটো জান বৰাৰ বুলি ৷
উল্লেখ্য যে, শুকুৰবাৰে বিশ্বনাথৰ ছোৱাগুৰিত উদ্ধাৰ হৈছিল জান বৰাৰ এটা বেগ ৷
লগতে পঢ়ক:বিক্ৰমজিৎ বৰুৱা আৰু জান বৰাৰ সন্ধান বিচাৰি মহাবাহুক পূজা আত্মীয়ৰ