বিশ্বনাথ, 15 জুন : সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ৰাজ্যবাসী তথা চৰকাৰে ক’ভিডক পৰাস্ত কৰাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা হাতত লৈ ঘোষণা কৰিছে যুদ্ধৰ । কৰ’ণাৰ বিৰুদ্ধে চলি থকা এই অবিৰত যুদ্ধখন জয় কৰাৰ বাবে ৰাজ্যৰ চৰকাৰখনক বিভিন্ন উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ যোগেদি আৰ্থিক সাহায্য আগবঢ়াই আহিছে ।
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সাংবাদিকৰ আৰ্থিক অনুদান - senior journalist
অব্যাহত আছে ক’ভিডৰ বিৰুদ্ধে ৰাজ্যবাসীৰ যুদ্ধ ৷ সোমবাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিকে আগবঢ়ালে আৰ্থিক অনুদান ৷
![মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সাংবাদিকৰ আৰ্থিক অনুদান reporter sends financial support to cm relief fund](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12136757-504-12136757-1623734407814.jpg)
মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ সাংবাদিকৰ আৰ্থিক অনুদান
সোমবাৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ জৰিয়তে বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক(senior journalist) তথা ক্ৰীড়া সংগঠক ৰতন ভূঞাই সাধ্যানুসৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি(cm relief fund) লৈ দুই হেজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় ।
লগতে পঢ়ক:ঐতিহাসিক দলং সংৰক্ষণৰ অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ বিধায়ক অখিল গগৈৰ