বিহালী, 3 ফেব্ৰুৱাৰী :বিশ্বনাথৰ বিহালীৰ বৰগাঙ ৰাজহুৱা মঞ্চত বুধবাৰে বিশ্বনাথ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ যোগদান সভা অনুষ্ঠিত হয় ৷ উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ যুটীয়া সহঃসম্পাদক জিতু শৰ্মা, প্ৰাক্তন জিলা সভাপতি প্ৰতাপ শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় সদস্য মৃদুল শইকীয়াসহ প্ৰায় ৩২ জন জাতীয় সংগঠনৰ প্ৰাক্তন নেতা আৰু কংগ্ৰেছ দলৰ সদস্য(Congress leader join bjp)ই বিজেপিত যোগদান কৰে ।
বিশ্বনাথ জিলাৰ বিজেপিয়ে আয়োজন কৰা যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত(Behali constituency MLA Ranjit Dutta) । দত্তই নতুনকৈ বিজেপি দলটোলৈ অহা প্ৰতিগৰাকীৰ ন বিজেপিক আদৰণি জনায় ৷ তেওঁ দলৰ সকলো কৰ্মীক সহযোগ নিধি কাৰ্যসূচীত সহযোগিতাত আগবঢ়াই দলটোক অধিক শক্তিশালী কৰাত সৱল ভূমিকা লোৱাৰ আহ্বান জনায় ৷