অসম

assam

ETV Bharat / state

কেঁচা চাহপাতৰ মূল্য হ্ৰাস: আন্দোলনৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ - assam tea

বিশ্বনাথ জিলাত কেঁচা চাহপাতৰ মূল্য হ্ৰাসক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৷ টি মনিটৰিং কমিটীয়ে নিৰ্ধাৰণ কৰা মূল্য নাপালে আন্দোলনৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ৷

reaction-to-fall-in-raw-tea-leaves-prices-in-biswanath
বিশ্বনাথত কেঁচা চাহপাতৰ মূল্য হ্ৰাসক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

By

Published : Jul 18, 2021, 8:45 PM IST

বিশ্বনাথ, 18 জুলাই:ৰাজ্যৰ অন্যান্য স্থানৰ লগতে বিশ্বনাথ জিলাতো বহু ক্ষুদ্ৰ চাহ খেতিয়কে জাতীয় অৰ্থনীতিলৈ অৱদান আগবঢ়াই আহিছে । জিলাখনত ক্ষুদ্ৰ চাহ খেতিৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে 30 হাজাৰৰো অধিক লোক ৷ কিন্তু, চলিত বৰ্ষৰ জুন মাহৰ পৰা এই চাহ খেতিয়কসকল কেঁচাপাতৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ অহা বুলি অভিযোগ কৰিছে বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ৷

বিশ্বনাথত কেঁচা চাহপাতৰ মূল্য হ্ৰাসক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

সন্থাৰ সভাপতি আৰু সম্পাদকে অভিযোগ কৰা মতে, মে’ মাহত কেঁচা পাতৰ উৎপাদন কম থকা অৱস্থাত প্ৰতি কেজিত 37 টকালৈকে লাভ কৰিছিল যদিও জুন মাহত কেঁচাপাতৰ উৎপাদন বৃদ্ধিৰ লগে লগে কেঁচা পাতৰ মূল্য ধাৰাবাহিকভাৱে কম হ'বলৈ ধৰে । জুলাই মাহত কেঁচাপাতৰ মূল্য 17 টকালৈ হ্ৰাস পায় ৷ যাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে ৷

বিশ্বনাথত কেঁচা চাহপাতৰ মূল্য হ্ৰাসক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

সন্থাই জনোৱা মতে, যোৱা জুন মাহত বিশ্বনাথৰ উপায়ুক্তৰ উপস্থিতিত হৈ যোৱা টি মনিটৰিং কমিটিৰ আলোচনাত(Tea Monitoring board) সৰ্বসন্মতি ক্ৰমে 28.72 টকা নিৰ্ধাৰণ কৰাৰ পাচতে বট লিফ ফেক্টৰীসমূহে চাহৰ মূল্য হ্ৰাস কৰে । কলঘৰ স্বতাধিকাৰীসকলে চাহ খেতিয়কক এই মূল্য প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ বিষয়টো অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত জিলা উপায়ুক্তক অৱগত কৰা হৈছিল ৷

মন্ত্ৰীগৰাকীয়ে এই সমস্যা সামাধানৰ আশ্বাস প্ৰদান কৰে যদিও আজি পৰ্যন্ত কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰা বুলি সন্থাই অভিযোগ কৰে ৷ অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সন্থাই আহ্বান জনাইছে ৷ অন্যথা ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহপাত তোলা কাৰ্য অনিৰ্দিষ্ট কালৰ বাবে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সন্থাৰ সভাপতি ৰাজীৱ শইকীয়া আৰু সম্পাদক ভৰত কলিতাই জানিবলৈ দিছে ।

লগতে পঢ়ক:পথাৰত হাল বাঁওতেই কপাল ফুলিল কৃষকৰ

ABOUT THE AUTHOR

...view details