বিশ্বনাথ, ১ এপ্ৰিল :দেশজুৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰিছে । এনে সময়তে কেন্দ্ৰীয় চৰকাৰখনে নিত্য ব্যৱহাৰ্য ঔষধৰ মূল্যবৃদ্ধিৰে জনতাক ৰামটাঙোন শোধাবলৈ ওলাইছে । আজিৰ পৰাই অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰাই মহঙা হৈছে জীৱনদায়িনী ঔষধ । চৰকাৰে ইতিমধ্যে ঔষধ কোম্পানীসমূহক বাৰ্ষিক পাইকাৰী মূল্য সূচক অৰ্থাৎ WPI (Wholesale Price Index) ৰ পৰিৱৰ্তনৰ সৈতে সামঞ্জস্য ৰাখি ঔষধৰ দাম বৃদ্ধি কৰাৰ অনুমতি দিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাত চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠিছে । ইয়াকে লৈ বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই (Minister Pijush Hazarika react on price hike)।
শনিবাৰে শোণিতপুৰ জিলাৰ বিশ্বনাথৰ গহপুৰ মহকুমাত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জনসংযোগ আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কয়," দাম বাঢ়িলে সকলোৰে কষ্ট হয় । ময়ো কষ্ট পাওঁ। মই সদায় এই কথা কৈ আহিছো । অলপ চিন্তা- চৰ্চা কৰি দাম বঢ়ালে সকলোৱে ভাল পায়।" যিসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰে তেওঁলোকে বৃদ্ধি কৰাৰ আগতে চিন্তা -চৰ্চাৰ কৰি বৃদ্ধি কৰিলে ভাল হয় বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য় কৰে ।