বিশ্বনাথ, ২৫ জুন: বিশ্বনাথ জিলাৰ ছোৱাগুৰীত সংঘটিত হৈছে এক জঘন্য কাণ্ড (Rape in Biswanath)। ৫০ বছৰীয়া লোক এজনৰ কামনাৰ বলি হ'ল এগৰাকী ১৪ বছৰীয়া কিশোৰী । ঘটনাৰ বিৱৰণী অনুসৰি প্ৰায় চাৰি মাহ পূৰ্বে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ পিছত শুকুৰবাৰে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো । শুকুৰবাৰে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে বিশ্বনাথ সদৰ থানাত দাখিল কৰে এখন এজাহাৰ (Vishwanath Sadar Police Station)।
উক্ত এজাহাৰৰ ভিত্তিত অভিযুক্ত খুৰছিদ আলীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ ৪ নং পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰি বিশ্বনাথ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে (Accused arrested in Biswanath)।