অসম

assam

ETV Bharat / state

বিহালীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মহিলা - Ranjit Dutt's supporter start campaigning

মহা শিৱৰাত্ৰি উপলক্ষে মন্দিৰে মন্দিৰে নিৰ্বাচনী প্ৰচাৰ চলালে নিজ বিহালী জিলা পৰিষদৰ সদস্যা দীপিকা ঢাকালৰ নেতৃত্বত গঠিত মহিলাৰ দলে ৷ এইবাৰৰ নিৰ্বাচনত বিহালীত বিজেপিৰ বাহিৰে কোনো বিকল্প নাই বুলি মন্তব্য কৰে নেত্ৰী গৰাকীয়ে ৷

Ranjit Dutt's supporter start campaigning at Bihali
বিহালীত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মহিলা

By

Published : Mar 11, 2021, 8:36 PM IST

বিশ্বনাথ,11 মাৰ্চ: ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে এতিয়া বিহালীত আৰম্ভ হৈছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ বৃহস্পতিবাৰে মহা শিৱৰাত্ৰি উপলক্ষে মন্দিৰে মন্দিৰে প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰা দেখা গ'ল নিজ বিহালী জিলা পৰিষদৰ সদস্যা দীপিকা ঢাকালৰ নেতৃত্বত গঠিত এটা মহিলাৰ দলক ৷

দলটিয়ে শিৱক আৰাধনা কৰাৰ লগতে মন্ত্ৰী ৰঞ্জিত দত্তৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ ৷ দলটোৱে এইবাৰৰ নিৰ্বাচনত বিহালীত বিজেপিৰ কোনো বিকল্প নাই বুলি দাবী কৰে ৷ বিহালীত বিজেপিৰ প্ৰচাৰ চলাবলগীয়া পৰিৱেশ নাই ৷

বিহালীত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মহিলা

উল্লেখ্য যে, বিহালীত 52 হাজাৰৰো অধিক ভোটত যোৱা 2016 চনৰ বিধানসভা নিৰ্বাচনত এইবেলি নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী গৰাকী জয়ী হৈছিল ৷ পুনৰ উক্ত প্ৰাৰ্থী গৰাকীক বিজেপিয়ে মনোনীত কৰাত জয় নিশ্চিত বুলি নিশ্চিত দিয়ে নেতা গৰাকীৰ সমৰ্থকসকলে ৷ আগন্তুক নিৰ্বাচনত 70 হাজাৰৰো অধিক ভোটত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তক ৰাইজে পুনৰ জয়ী কৰাই বিধায়ক হিচাপে বিধানসভালৈ পঠিয়াব বুলি মন্তব্য প্ৰকাশ কৰে নেত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃকৰিমগঞ্জত 4 গৰাকী বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ABOUT THE AUTHOR

...view details