বিশ্বনাথ, ৯ ডিচেম্বৰ :অহা ১০ ডিচেম্বৰ অৰ্থাৎ শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ জিলাৰ দুখনকৈ সভাত অংশগ্ৰহণ কৰিব (CM public meeting in Biswanath)। যাৰ বাবে প্ৰশাসনে বিশেষ তৎপৰতা আৰম্ভ কৰিছে । বিহালী বিজেপিৰ লগতে প্ৰশাসনে অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই নিজেই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈছে (Ranjit Dutta oversees CM meeting in Biswanath)।
জানিব পৰা মতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথৰ দুখনকৈ সভাত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন আঁচনি শুভাৰম্ভ কৰিব । বিশেষকৈ বিহালী সমষ্টিৰ জনতা বাকৰি খেল পথাৰত অনুষ্ঠিত হ'ব লগা সভাত দিনৰ ১ বজাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিহালী সমষ্টিবাসীৰ বাবে এখন মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব । লগতে মৰাণ গাঁৱৰ পৰা নাচবলৈ যোৱা এটা পথৰ আধাৰশিলা স্থাপন কৰিব ।
জানিব পৰা মতে একেটা দিনতে বিহালী সমষ্টি আৰু বিশ্বনাথ সমষ্টিত মুঠ ৯ টাকৈ উন্নয়নমূলক আচঁনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM to launch several schemes in Biswanath)। মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ ইতিমধ্যে প্ৰস্তুতি চলি থকাৰ লগতে জনতা বাকৰি খেল পথাৰত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লৈছে বিধায়ক ৰঞ্জিত দত্তই । বিশেষকৈ বিশ্বনাথ প্ৰশাসনৰ কেইবাজনো ACS বিষয়াৰ লগতে বিধায়ক আৰু বিহালী বিজেপিৰ কৰ্মীসকলৰ মাজত ব্যাপক তৎপৰতা দেখা গৈছে ।