ৰঙাপৰা, 17 চেপ্তেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰালৈ গৌৰৱ কঢ়িয়াই আনিছে ছয় গৰাকী খেলুৱৈয়ে ৷ ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত চাৰিটা সোণৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক লাভ খেলুৱৈ কেইগৰাকীৰ ৷ শিলচৰত টাইকোৱানডো সন্থাই আয়োজন কৰা ' ইণ্ডো বাংলা ফ্ৰেণ্ডশ্বিপ টাইকোৱানডো প্ৰতিযোগিতা'ত অসমৰ বিভিন্ন জিলাৰ লগতে শোণিতপুৰ জিলাৰ হৈ ৰঙাপৰাৰ সাত গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল । ৰঙাপৰাৰ প্ৰশিক্ষক ববিতা ৰাজবংশী আৰু জোনমণি বড়োৰ নেতৃত্বত যোৱা সাত জনীয়া দলটোৰ ছয় গৰাকী খেলুৱৈৰ ভিতৰত চাৰি গৰাকীয়ে সোণৰ আৰু দুগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷
ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ৰঙাপৰাৰ ছয় গৰাকী খেলুৱৈ
শিলচৰত টাইকোৱানডো সন্থাই আয়োজন কৰা ' ইণ্ডো বাংলা ফ্ৰেণ্ডশ্বিপ টাইকোৱানডো প্ৰতিযোগিতা'ত অংশগ্ৰহণ কৰি চাৰিটা সোণৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক লাভ ৰঙাপৰাৰ খেলুৱৈৰ ৷
ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ৰঙাপৰাৰ ছয় গৰাকীকৈ খেলুৱৈ
খেলুৱৈ কেই গৰাকীৰ ভিতৰত ক্ৰমে নেহাল দাসে 25 কেজি শাখাত, যোগেশ নাগবংশীয়ে 45 কেজি শাখাত, বৰলা বৰ্মনে 46 কেজি শাখাত আৰু ইফতিকাৰ হুছেইনে 55 কেজি শাখাত সোণৰ পদক লাভ কৰে ৷ আনহাতে ৰাজেন ওৰাং আৰু চিন্টু লোহাৰে ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয় ৷
সোমবাৰে খেলুৱৈ কেই গৰাকীয়ে ৰে'ল যোগে আহি ৰঙাপৰা ৰে'লৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে দলটোক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছা, আটছা আৰু চাহ মজদুৰ সংঘই উষ্ম আদৰণি জনায় ।