অসম

assam

ETV Bharat / state

কোনে পাব ৰঙাপৰা সমষ্টিত টিকট ? ব্যাপক প্ৰস্তুতি কংগ্ৰেছ বিজেপিৰ

কোন হ'ব ৰঙাপৰা সমষ্টিৰ বিধায়ক ? নিজৰ দখলত ৰখাৰ বাবে বিজেপিৰ চেষ্টা অব্যাহত । দলীয় টিকট বিচাৰি একাংশ স্থানীয় প্ৰাৰ্থীয়ে কৰিছে আবেদন ৷ যোগ্য আৰু নিকা ভাবমুৰ্ত্তিৰ ব্যক্তিয়ে প্ৰাৰ্থীত্ব পোৱাটো বিচাৰে সাংসদ পল্লৱ লোচন দাসে ৷

কোনে পাব ৰঙাপৰা সমষ্টিত টিকট ? ব্যাপক প্ৰস্তুতি কংগ্ৰেছ বিজেপিৰ

By

Published : Sep 23, 2019, 9:01 PM IST

ৰঙাপৰা, 23 ছেপ্টেম্বৰঃ অসমৰ চাৰিটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই ব্যাপক চৰ্চালৈ আহিছে তেজপুৰৰ ৰঙাপৰা সমষ্টিটো ৷ কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত ৰঙাপৰা সমষ্টিত 2016 চনৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে জয়ী হবলৈ সক্ষম হৈছিল ৷ কিন্তু সদ্য সমাপ্ত লোক সভা নিৰ্বাচনত ৰঙাপৰা সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে তেজপুৰ লোক সভা সমষ্টিৰ পৰা জয়ী হোৱাত ৰঙাপৰা সমষ্টিটোৰ আসন খন খালী হয় ৷

উপ নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৰঙাপৰা সমষ্টিটো নিজৰ দখলত ৰখাৰ বাবে বিজেপি দলে বৰ্তমান চেষ্টা অব্যাহত ৰাখিছে । দলীয় টিকট বিচাৰি একাংশ স্থানীয় প্ৰাৰ্থীয়ে ইতিমধ্যে আবেদন কৰিছে ৷ অহা 24 ছেপ্টেম্বৰত ৰঙাপৰা সমষ্টিৰ ফুলবাৰী চাহ বাগিচাত বিজেপিয়ে আয়োজন কৰিছে এখন দলীয় সভা আৰু উক্ত সভাৰ পৰাই চাৰিটা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব বিজেপি দলে ৷

ইফালে সভাস্থলীৰ বুজ ল'বলৈ আহি তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে ৰঙাপৰা সমষ্টিত এজন যোগ্য আৰু নিকা ভাবমুৰ্ত্তিৰ ব্যক্তিয়ে প্ৰাৰ্থীত্ব পোৱাটো বিচাৰে বুলি মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে, স্থানীয় বহু যোগ্য ব্যক্তি আছে কিন্তু দলীয় টিকট দিয়াত মোৰ হাত নাই সেয়ে দলে যাক যোগ্য বিবেচনা কৰে তাকে টিকট দিব ।

কোনে পাব ৰঙাপৰা সমষ্টিত টিকট ? ব্যাপক প্ৰস্তুতি কংগ্ৰেছ বিজেপিৰ

এনে ৰঙাপৰা সমষ্টিত কোনে লাভ কৰিব বিজেপিৰ দলীয় প্ৰাৰ্থীত্ব তাকে লৈ আৰম্ভ হৈছে ব্যাপক জল্পনা কল্পনা ৷ আনহাতে স্বাধীনতাৰ পাছৰে পৰা প্ৰায় সংখ্যক সময় নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা ৰঙাপৰা সমষ্টিটো পুনৰ নিজৰ দখললৈ আনিবলৈ কংগ্ৰেছ দলেও চেষ্টা অব্যাহত ৰাখিছে ৷ কংগ্ৰেছ দলে এইবাৰ এজন স্থানীয় প্ৰাৰ্থীক টিকট দিয়াৰ সম্ভৱনা আছে । এনে প্ৰেক্ষাপটত ৰঙাপৰা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ মাজতে মুল যুঁজ খন যে হ'ব সেয়া নিশ্চিত ।

ABOUT THE AUTHOR

...view details