অসম

assam

Bihu Celebration at Gohpur: গহপুৰ গমিৰি কেন্দ্ৰীয় ৰঙালী বিহুৰ ৰূপালী জয়ন্তী উদযাপন

By

Published : Apr 25, 2023, 9:57 PM IST

গৌৰৱোজ্জ্বল ২৫ টা বৰ্ষ অতিক্ৰম কৰিলে গহপুৰৰ সদৌ গমিৰি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে ৷ আজিৰে পৰা আৰম্ভ হোৱা সদৌ গমিৰি কেন্দ্ৰীয় ৰঙালী বিহুৰ ৰূপালী জয়ন্তী উদযাপন উপলক্ষে বিহুতলীত উত্তোলন কৰা হ'ল ২৫ খন কৈ পতাকা ৷ ২৭ এপ্ৰিলৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাঙৰ গীতৰ শৰাই (Bihu Celebration at Gohpur) ৷

Rangali Bihu Celebration at Gamiri in Gohpur
গমিৰি কেন্দ্ৰীয় ৰঙালী বিহুৰ ৰূপালী বৰ্ষ

২৫ টা বৰ্ষ অতিক্ৰম কৰিলে গহপুৰৰ সদৌ গমিৰি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে

বিশ্বনাথ, 25 এপ্ৰিল: প্ৰতিকূল বতৰে সময়ে সময়ে বিঘিনি ঘটালেও এতিয়াও ৰাজ্যত ম্লান পৰা নাই ৰঙালীৰ আনন্দ ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়াও ৰাইজে উদযাপন কৰিছে হেপাঁহৰ ৰঙালী বিহু ৷ কৰ্ম ব্যস্ততাৰ মাজতে এতিয়া সকলো মতলীয়া হৈ পৰিছে ৰঙালীৰ আনন্দত (Rangali Bihu Celebration in Assam) ৷

বিশ্বনাথতো ৰঙালীৰ পাৰ ভঙা উচাহ ৷ গৌৰৱোজ্জ্বল ২৫ টা বৰ্ষ অতিক্ৰম কৰিলে গহপুৰৰ সদৌ গমিৰি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে ৷ আজিৰে পৰা আৰম্ভ হোৱা সদৌ গমিৰি কেন্দ্ৰীয় ৰঙালী বিহুৰ ৰূপালী জয়ন্তী উদযাপন উপলক্ষে বিহুতলীত উত্তোলন কৰা হ'ল ২৫ খন কৈ পতাকা (Rangali Bihu Celebration at Gamiri in Gohpur) ৷

উল্লেখ্য যে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰা গমিৰি অঞ্চলত ১৯৯১ চনৰ পৰা আৰম্ভ হৈছিল গমিৰি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৷ নানা জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো ৰাইজে সমিলমিলেৰে অনুষ্ঠিত কৰি অহা বিহু সন্মিলনখনে এইবাৰ ২৫ টা বৰ্ষ অতিক্ৰম কৰি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে ৷ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা ঐতিহাসিক গমিৰি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মঙলবাৰে পুৱা ২৫ খন পতাকা উত্তোলন কৰা হয় ৷

উল্লেখযোগ্য যে, ২৫ এপ্ৰিল আৰু ২৭ এপ্ৰিল এই দুদিনীয়া কাৰ্যসূচীৰে গমিৰি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ৰঙালী বিহুৰ ৰূপালী জয়ন্তী ৷ আজি প্ৰথম দিনৰ কাৰ্যসূচীত গমিৰি অঞ্চলৰ ২৫ গৰাকীকৈ বয়োজেষ্ঠ লোকে ২৫ খনকৈ পতাকা উত্তোলন কৰি আৰম্ভ কৰে সদৌ গমিৰি কেন্দ্ৰীয় ৰঙালী বিহুৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচী ৷ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি অহা ২৭ এপ্ৰিলত অনুষ্ঠিত কৰা সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙৰ গীতৰ শৰাই বুলি জনাইছে আয়োজক সমিতিয়ে ৷ ইফালে বিহুৰ ৰূপালী জয়ন্তী উপলক্ষে উদযাপন সমিতিৰ বিষয়ববীয়াই সম্পূৰ্ণ কৰি তুলিছে প্ৰস্তুতি ৷

লগতে পঢ়ক:Keshab Mahanta Meeting with JICA : গুৱাহাটীত জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰে স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

ABOUT THE AUTHOR

...view details