অসম

assam

ETV Bharat / state

পেগুসকলৰ বংশাৱলীৰ সামৰি "কান্দাৰ পেগু পুৰুষনামা" - শিক্ষক ৰত্নকান্ত পেগু

গাঁঠিৰ ধনেৰে ২০১০ চনৰ পৰায়ে বিনন্দ পাটিৰৰ সহযোগত এই গৱেষণাৰ কাম কৰি আহিছে পেগুৱে । এই গৱেষণাত তেওঁ অসমৰ শদিয়া, তিনিচুকীয়া, শিৱসাগৰ, ধেমাজিকে ধৰি বিশ্বনাথ চাৰিআলি আৰু বিদেশত থকা মিচিং সম্প্ৰদায়ৰ লোক সকলৰ সহযোগত প্ৰায় ২০০০ ৰ অধিক গাঁও সামৰি লৈছে ।

Ramakanta Pegu
"কান্দাৰ পেগু পুৰুষনামা"

By

Published : Aug 2, 2020, 2:54 PM IST

বিশ্বনাথ, 2 আগষ্ট : অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নকান্ত পেগুয়ে প্ৰস্তুত কৰি উলিয়াইছে "কান্দাৰ পেগু পুৰুষনামা" শীৰ্ষক "পেগু" গোত্ৰৰ মিচিং সকলৰ এক বংশাৱলী ৷ মিচিং সম্প্ৰদায়ৰ এজন ভূমিপুত্ৰ হোৱা হেতুকে গহপুৰৰ অন্তৰ্গত বৰফলং গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে প্ৰস্তুত কৰি উলিয়াইছে "কান্দাৰ পেগু পুৰুষনামা" শীৰ্ষক কিতাপখন । এই বংশাৱলীত তেওঁ ৩১ তাতকৈও অধিক উপাধিৰ পেগু গোত্ৰৰ মিচিং সম্প্ৰদায়ৰ বংশধৰ সকলৰ এক তথ্যভিত্তিক খতিয়ান সন্নিবিষ্ট কৰিছে ।

ৰত্নকান্ত পেগু

লগতে পঢ়কঃকৰ'ণাত আক্ৰান্ত হৈ মৃত্যু উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ

গাঁঠিৰ ধনেৰে ২০১০ চনৰ পৰায়ে বিনন্দ পাটিৰৰ সহযোগত এই গৱেষণাৰ কাম কৰি আহিছে পেগুৱে । এই গৱেষণাত তেওঁ অসমৰ শদিয়া, তিনিচুকীয়া, শিৱসাগৰ, ধেমাজিকে ধৰি বিশ্বনাথ চাৰিআলি আৰু বিদেশত থকা মিচিং সম্প্ৰদায়ৰ লোক সকলৰ সহযোগত প্ৰায় ২০০০ ৰ অধিক গাঁও সামৰি লৈছে । খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত ৰত্নকান্ত পেগুৰ এই গৱেষণাই এক উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে একাংশই । উল্লেখ্য যে, এনেধৰণৰ কৰ্মৰাজীৰ বাবে ৰত্নকান্ত পেগুয়ে আজি পৰ্যন্ত কোনোধৰণৰ চৰকাৰী বা বে-চৰকাৰী অনুষ্ঠানৰ পৰা স্বীকৃতি পোৱা নাই।

ABOUT THE AUTHOR

...view details