বিশ্বনাথ,২০ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনক লৈ এতিয়া ৰাজ্যত বৃদ্ধি পাইছে তৎপৰতা ৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাজ্যলৈ ইতিমধ্যে সোঁত বৈছে বহু হাই প্ৰফাইল নেতাৰ ৷ শুকুৰবাৰে ৰাজ্যত উপস্থিত হয় যুৱ নেতা ৰাহুল গান্ধী ৷ দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত উপস্থিত হোৱা যুৱনেতা গৰাকীয়ে শনিবাৰে উপস্থিত হয় গহপুৰত ৷
নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে গহপুৰ উচ্চতম মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত হয় ৰাহুল গান্ধী ৷ ৰাহুল গান্ধীয়ে গহপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ প্ৰায় ১৫ হাজাৰ কংগ্ৰেছ কৰ্মী উপস্থিত থকা সভাখনত বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে যদি অসমত কংগ্ৰেছ চৰকাৰ হয় তেন্তে, চাহ শ্ৰমিক সকলক ৩৬৫ টকাকৈ দৈনিক মজুৰি দিয়াৰ কথা ঘোষণা কৰে ৰাহুল গান্ধীয়ে ।