অসম

assam

ETV Bharat / state

ব্ৰিটিছৰ দিনৰ পৰাই থকা লোকক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ... - biswanath

যাৱতীয় নথি পত্ৰ থকাৰ পাচতো ডিটেনচন কেম্পলৈ প্ৰেৰণৰ অভিযোগ ৷ বিশ্বনাথৰ মহিলাক ডিটেনচন কেম্পলৈ প্ৰেৰণকলৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

বিদেশী সজাই ডিটেনচন কেম্পলৈ

By

Published : Jun 24, 2019, 3:42 PM IST

Updated : Jun 24, 2019, 4:42 PM IST

বিশ্বনাথ/তেজপুৰ , 24 জুন : ভিন্ন সময়ত যাৱতীয় নথি পত্ৰ থকাৰ পাচতো বিদেশী ন্যায়াধীকৰণে বিদেশী সজাই ডিটেনচন কেম্পলৈ বহু লোকক প্ৰেৰণ কৰাৰ তথ্য পোহৰলৈ অহাৰ সময়তে বিশ্বনাথটো সংঘটিত হ'ল অনুৰূপ ঘটনা ৷ বিশ্বনাথৰ অমিলা চাহক বিদেশী সজাই ডিটেনচন শিবিৰলৈ প্ৰেৰণ কৰা ঘটনাকলৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ জামুগুৰিহাট থানাৰ অন্তৰ্গত ধলাইবিলৰ নিবাসী ৰাম দুলাল চাহৰ পত্নী অমিলা চাহ বিশ্বনাথ জিলাৰ প্ৰতাপগড় চাহ বাগিছাৰ স্বৰ্গীয় কেশৱ প্ৰসাদ গুপ্তাৰ জীয়ৰী । ব্ৰিটিছৰ যুগৰ পৰাই অসমত বাস কৰি আহিছে অমিলা চাহৰ পিতৃ কেশৱ প্ৰসাদ গুপ্তাই ৷ লগতে অমিলা চাহৰ পিতৃৰ নামো আছে ১৯৫১ চনৰ এন আৰ চিৰ তালিকাত ৷

বিদেশী সজাই ডিটেনচন কেম্পলৈ !
ইপিনে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াই মহিলাগৰাকীয়ে নিজৰ পিতৃৰ লিগেচি ডাটা প্ৰদান কৰাৰ লগতে সম্পৰ্ক স্থাপনৰ বাবে প্ৰতাপগড় চাহবাগিছা প্ৰাথমিক বিদ্যালয়ৰ পত্ৰ, প্ৰতাপগড় চাহ বাগিছাত জন্মৰ প্ৰমাণ পত্ৰ আৰু পেন কাৰ্ড জমা দিছিল । যদিও তেওঁক বিদেশী বুলি গোচৰ তৰে সীমান্ত আৰক্ষীয়ে । বিদেশী গোচৰ নং D/C 5424/13ৰ ভিত্তিত শোণিতপুৰ জিলাৰ সীমান্ত আৰক্ষীয়ে কোনো আইনগত প্ৰমাণ নোহোৱাকৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাচত অমিলাই অসমত প্ৰৱেশ কৰা বুলি গোচৰ তৰে আৰু শোণিতপুৰ, তেজপুৰৰ বিদেশী ন্যায়াধীকৰণ (দ্বিতীয়)ই প্ৰেৰণ কৰা এক জাননীৰে তেওঁক ২০১৮ চনৰ ৪জুন তাৰিখে আদালতত হাজিৰ হ'বলৈ কয় । সেই ভিত্তিত তেওঁ উপস্থিত হৈ প্ৰয়োজনীয় নথি পত্ৰ জমা দিয়ে । তাৰোপৰি ৩০/০১/১৯ তাৰিখে লিখিত ভাৱে দাখিল কৰাৰ লগতে মাতৃয়ে সাক্ষ্য প্ৰদান কৰে । ইমানৰ পাছতো ১৫ জুন তাৰিখে তেওঁ তেজপুৰ আদালতত উপস্থিত হোৱাত গ্ৰেপ্তাৰ কৰে আৰু বৰ্তমান তেওঁক তেজপুৰ ডিটেনচন কেম্পত ৰখা হৈছে ।
বিদেশী সজাই ডিটেনচন কেম্পলৈ !
এই খবৰক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথত ৷ অসম আৰক্ষীৰ সীমান্ত শাখাই কোনো অনুসন্ধান নকৰাকৈয়ে গোচৰ ৰুজু কৰি সম্পূৰ্ণ বিসংগতিপূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে অমিলা চাহক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
Last Updated : Jun 24, 2019, 4:42 PM IST

ABOUT THE AUTHOR

...view details