অসম

assam

ETV Bharat / state

দেশজুৰি দেওবাৰৰ পৰা ২১ জানুৱাৰীলৈ আৰম্ভ ৰাষ্ট্ৰীয় প'লিঅ অভিযান - ৰাষ্ট্ৰীয় প'লিঅ অভিযান শোণিতপুৰ

19 জানুৱাৰী অৰ্থাৎ দেওবাৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে পালছ প'লিঅ অভিযান ৷ শোণিতপুৰ জিলাতো মুঠ 3,98,774 টা ঘৰত 2,43,649 টা শিশুক প'লিঅ খোৱাবলৈ বাচি উলোৱা হৈছে বুলি উল্লেখ কৰে শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকা ডাঃ কৃষ্ণ কেমপ্ৰাই ৷

ৰাষ্ট্ৰীয় প'লিঅ অভিযান
দেশজুৰি দেওবাৰৰ পৰা ২১ জানুৱাৰীলৈ আৰম্ভ ৰাষ্ট্ৰীয় প'লিঅ অভিযান

By

Published : Jan 19, 2020, 6:03 PM IST

বিশ্বনাথ, 19 জানুৱাৰীঃ দেওবাৰৰ পৰা আৰম্ভ হৈছে পালছ পলিঅ' অভিযান ৷ সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাতো আৰম্ভ হৈছে পালছ পলিঅ' অভিযান । পাঁচ বছৰৰ তলৰ সকলো শিশুকে পালছ পলিঅ' খোৱাই ৰোগ প্ৰতিষেধক ক্ষমতা নিশ্চিত কৰাৰ উদ্দেশ্য ভাৰত চৰকাৰে দেওবাৰৰ পৰা অহা ২১ জানুৱাৰীলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক অভিযান আৰম্ভ কৰিছে ।

দেশজুৰি দেওবাৰৰ পৰা ২১ জানুৱাৰীলৈ আৰম্ভ ৰাষ্ট্ৰীয় প'লিঅ অভিযান

দেওবাৰ পৰা আৰম্ভ হোৱা এই অভিযানত শোণিতপুৰ জিলাত জিলা স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত থকা তথ্য অনুসৰি এইবাৰ জিলা খনত মুঠ3,98,774 টা ঘৰত2,43,649 টা শিশুক পলিঅ' খোৱাবলৈ বাচি উলোৱা হৈছে বুলি উল্লেখ কৰে শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকা ডাঃ কৃষ্ণ কেমপ্ৰাই । তেওঁ লগতে কয় জিলাখনত মুঠ 1228 টা বুথ আৰু 2444 টা গোটে এই শিশু সকলক পলিঅ' খোৱাবলৈ অহৰহ চেষ্টা কৰি থকা লগতে বাছ ষ্টেচন, ৰে'ল ষ্টেচন, বিদ্যালয় সমুহত স্বাস্থ্য কৰ্মীসকল সক্ৰিয় থকা লগতে ঘৰে ঘৰে স্বাস্থ্য কৰ্মী গৈ শিশু সকল পলিঅ' খোৱাব বুলি উল্লেখ কৰে ৷ পলিঅ' অভিযান সফল কৰিবলৈ সকলোৱে সহায় সহযোগিতা আৰু অভিভাৱকক ওলাই আহিবলৈ আহ্বান জনায় জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকা ডাঃ কৃষ্ণ কেমপ্ৰাই ।

দেশজুৰি দেওবাৰৰ পৰা ২১ জানুৱাৰীলৈ আৰম্ভ ৰাষ্ট্ৰীয় প'লিঅ অভিযান

উল্লেখ্য যে, পলিঅ' ৰোগাক্ৰান্ত ব্যক্তিক অৰ্থপেডিক চাৰ্জাৰি বা আন শল্য চিকিৎসাৰ দ্বাৰা আৰু উপসৰ্গসমূহৰ লক্ষণ অনুসৰি চিকিৎসা বিধান দিয়া হয় ৷ সেয়ে এই পলিঅ’ ৰোগ প্ৰতিষেধকৰ গুৰুত্ব অপৰিসীম ৷ সামাজিক ব্যাধিৰূপী পলিঅ' ‘পলিঅ' মায়েলিটিছ’নামৰ এবিধ ভাইৰাচৰ পৰা হয় । লগতে চিকিৎসক সকলে কয়, এইবিধ ভাইৰাচ আহাৰ, পানী আদিৰ দ্বাৰা পাঁচ বছৰৰ তলৰ শিশুৰ দেহলৈ সংক্ৰমিত হয় । এই ৰোগৰ প্ৰাথমিক লক্ষণবোৰ হ’ল মূৰৰ বিষ হোৱা, সকলো সময়তে শিশুটিৰ টোপনি ধৰি থকা, খাবলৈ মন নকৰা ইত্যাদি ।

দেশজুৰি দেওবাৰৰ পৰা ২১ জানুৱাৰীলৈ আৰম্ভ ৰাষ্ট্ৰীয় প'লিঅ অভিযান

আনহাতে, ১৯৫০চনত প্ৰথম পলিঅ' ভেকছিন আবিষ্কাৰ কৰে হিলাৰি কৰ্পৱস্কি নামৰ ভাইৰোলজিষ্ট এজনে ৷ ইয়াৰ পিছত ১৯৫৫ চনত পিটচবৰ্গ ইউনিভাৰ্ছিটীৰ জোনাছ ছল্কে চিকিৎসা জগতত আন এবিধ ভেকছিনৰ সংযোজন ঘটায় ৷ ১৯৫৭-৫৮চনত এলবাৰ্ট চেবিনে আন এবিধ জীৱন্ত মুখেৰে গ্ৰহণ কৰা পলিঅ' ভেকছিন আবিষ্কাৰ কৰে আৰু ১৯৬২ চনৰ পৰা গোটেই বিশ্বতে ইয়াৰ ব্যাপক প্ৰচলন আৰম্ভ হয় ।

দেশজুৰি দেওবাৰৰ পৰা ২১ জানুৱাৰীলৈ আৰম্ভ ৰাষ্ট্ৰীয় প'লিঅ অভিযান

এই ৰোগত আক্ৰান্ত হোৱা শিশুটি পক্ষাঘাতগ্ৰস্ত হয় নতুবা চিৰজীৱনৰ বাবে পংগু হৈ পৰা সম্ভাৱনা থাকে । বিশেষকৈ বিশ্ব স্বাস্থ্য সংস্থাই ১৯৮৮ চনত সমগ্ৰ বিশ্বক পলিঅ' মুক্ত কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও এই সিদ্ধান্ত মতে ১৯৯৫ চনত পোন প্ৰথমবাৰৰ বাবে ভাৰতবর্ষত পালচ পলিঅ' অভিযান আৰম্ভ কৰা হৈছিল ৷ সেই অনুসৰি সেই সময় পৰা বৰ্তমান লৈকে জন্মৰ পৰা পাঁচ বছৰলৈকে প্ৰতিটো শিশুক প্ৰতি বছৰে পলিঅ' ভেকচিন দিয়াৰ ব্যৱস্থা কৰি আহিছে কেন্দ্ৰীয় চৰকাৰৰ আৰু বিশ্ব স্বাস্থ্য সংস্থাই ।

আৰু পঢ়কঃ শিক্ষামন্ত্ৰী সালসলনি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details