বিশ্বনাথ , 11 এপ্ৰিল :আজি সমগ্ৰ ৰাজ্যত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ বহু নেতা মন্ত্ৰী , বিধায়কে ডিঙিত গামোছা পিন্ধি উলাই যোৱাৰ সময়তে বিশ্বনাথৰ বিহালীত দেখা গ'ল আন এক দৃশ্য ৷ বৃহস্পতিবাৰে এজন লোক সহ এগৰাকী মহিলাক ডিঙিত চেন্দেলৰ মেলা পিন্ধাই বিশ্বনাথ জিলাৰ বিহালীত সমদল উলিয়ালে বিহালীৰ ৰাইজে ৷
পৰকীয়া প্ৰেম : বিশ্বনাথত হাত বান্ধি ৰাইজৰ সমদল - বিশ্বনাথ
পৰকীয়া প্ৰেমৰ পৰিণতিত ডিঙিত চেন্দেলৰ মালা পিন্ধি ৰঙাঘৰ আলহী হ'ল বিশ্বনাথ এহাল যুৱক-যুৱতী ৷
পৰকীয়া প্ৰেম : বিশ্বনাথত হাত বান্ধি ৰাইজৰ সমদল
জানিব পৰা মতে, বিহালীস্থিত কেটেলাৰ নিবাসী অমিন সেৰিয়াৰ পত্নী 11 দিন পূৰ্বে বৰগাং কেটেলা চাহ বাগিচাৰ দূৰ্গা লোহাৰ নামৰ এজন যুৱকৰ স'তে পলায়ন কৰিছিল ৷ বহু বিচাৰ খোচাৰ কৰাৰ পাচতো অমিনে পত্নীৰ সন্ধান বিচাৰিবলৈ সক্ষম হোৱা নাছিল ৷ অৱশেষত বৃহস্পতিবাৰে অমিন আৰু কেটেলা গাঁৱৰ ৰাইজে অমিনৰ পত্নী আৰু দূৰ্গা লোহাৰক হাতে লোটি আটক কৰে ৷ দুয়োকে ৰাইজে আটক কৰাৰ পাচত দুয়োৰে ডিঙিত চেন্দেলৰ মালা পিন্ধাই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে ৰাইজে সমদল কৰি বৰগাং আৰক্ষীক গটাই দিয়ে ৷