বিশ্বনাথ, ১৭ মে’:বিশ্বনাথ আৰু বিহালীত পাৱাৰগ্ৰীড কৰ্প'ৰেচনৰ বিৰুদ্ধে ৰাইজ ক্ষুব্ধ হৈছে (Public anger against Power Grid Corporation)। দৰিদ্ৰ লোকৰ ওপৰত পাৱাৰগ্ৰীড কৰ্প'ৰেচনে মাধমাৰ শোধোৱা বাবেই ৰাইজৰ মাজত এই ক্ষোভৰ সৃষ্টি হৈছে । আজি বহু দিনৰ পৰা বিশ্বনাথ তথা বিহালীৰ বিভিন্ন অঞ্চলত পাৱাৰ গ্ৰীড কৰ্প'ৰেচনে ৱেৰিঙৰ কাম অব্যাহত ৰাখিছে (Public protest in Bihali)। এই ৱেৰিঙৰ কামৰ বাবে অধিগ্ৰহণ কৰিছে বহু লোকৰ ভূমি । এই ভূমি অধিগ্ৰহণ কৰা লোকক পাৱাৰগ্ৰীড কৰ্প'ৰেচনে অধিগ্ৰহণ কৰাৰ বাবদ ক্ষতিগ্ৰস্ত লোকক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ পিছতেহে উক্ত ভূমিত কাম চলাব লাগে যদিও সেয়া হৈ নুঠিল ।
কৃষিজীৱী লোকক খেতিপথাৰ তথা বহু দৰিদ্ৰ লোকৰ ভেটি মাটি অধিগ্ৰহণ কৰিছে যদিও পাৱাৰগ্ৰীড কৰ্তৃপক্ষই সেইসকল লোকক প্ৰদান নকৰিলে ক্ষতিপূৰণ । কিছু সংখ্যক লোকক ক্ষতিপূৰণ দিছে যদিও উপায়ুক্ত পৰিমাণৰ নহয় বুলি স্থানীয় ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে । যাৰ বাবে মঙলবাৰে বিয়লি স্থানীয় ভুক্তভোগী লোকসকলে কাম কৰাত বাধা প্ৰদান কৰে যদিও কোনো গুৰুত্ব নিদি মইমতালিৰে কাম কৰে । স্থানীয় থকাত বুধবাৰে বিহালী সমষ্টিৰ মোনাবাৰী বস্তিৰ স্থানীয় একাং ভুক্তভোগী লোক ওলাই আহি এইদৰে ক্ষুব্ধ হৈ পাৱাৰ গ্ৰীড কৰ্প'ৰেচনৰ বিৰুদ্ধে জাঙুৰ খাই উঠে (Public stop work of Power Grid)।