বিশ্বনাথ, ২ জুলাই:জল জীৱন মিছনৰ জৰিয়তে ২০২৪ৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ ২০২৪ চনলৈ আৰু মাত্ৰ পাঁচ মাহ আছে যদিও বহু ঠাইত ৰাইজে এতিয়াও এটুপী খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷
'ঘৰে ঘৰে নল, ঘৰে ঘৰে জল' আছে যদিও বহু ঠাইত এতিয়া কেৱত নলহে আছে, নাই জল । বিশ্বনাথ ইয়াৰ জ্বলন্ত উদাহৰণ ৷ বিশেষকৈ বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ঠাণ্ডা পানী, কাজিয়ামাটি আদি গাঁওসমূহত এতিয়াও আদিম যুগৰ দৰে নিত্য প্ৰয়োজনীয় পানীখিনিও গাঁত খান্দি অথবা নিজৰাৰ পৰা সংগ্ৰহ কৰিব লগা হৈছে ।
ইফালে, শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে উল্লেখ কৰা মতে, বিহালী সমষ্টিৰ প্ৰায় ৯৩ টা জল জীৱন মিছনৰ আঁচনিৰ নিৰ্মাণকাৰ্য তীব্ৰ গতিত চলি আছে । ইতিমধ্যে এই আচঁনিৰ জৰিয়তে জনসাধাৰণলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ কাম আৰম্ভ কৰিছে বিশ্বনাথ মহকুমা জন স্বাস্থ্য কাৰিকৰী বিভাগে । কিন্তু ইয়াৰ মাজতে দেখা গৈছে জল জীৱন আচঁনিৰ অন্তৰ্গত বহু প্ৰকল্প আছে, কিন্তু নাই বিশুদ্ধ খোৱা পানী । ক'ৰবাত যদি নাই কৰ্মচাৰী আকৌ ক'ৰবাত বিকল হৈ পৰি আছে আচঁনিখন ৷ যাৰ ফলত বহুলোকে এই বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।