বিশ্বনাথ, 3 ডিচেম্বৰ:নতুন কৃষি আইন বাতিলৰ বাবে দিল্লী অভিমুখী কৃষক সকলৰ দাবী মানি লোৱাৰ দাবীৰে, কৃষক মহাসভা অসমৰ বিশ্বনাথ জিলা সমিতিয়ে বিহালীৰ বৰগাঙৰ উন্নয়ন খণ্ডৰ সন্মুখত অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।
বিহালীৰ বৰগাঙত কৃষক মহাসভা অসম, বিশ্বনাথ জিলা সমিতিৰ প্ৰতিবাদ - FARMERS ACT
কৃষক মহাসভা অসমৰ বিশ্বনাথ জিলা সমিতিয়ে বিহালীৰ বৰগাঙৰ উন্নয়ন খণ্ডৰ সন্মুখত "আমি আপোনালোকৰ লগত আছো" শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।নতুন কৃষি আইন বাতিলৰ লগতে ভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।
বিহালীৰ বৰগাঙত কৃষক মহাসভা অসম, বিশ্বনাথ জিলা সমিতিৰ প্ৰতিবাদ
কৃষক আইন বাতিলৰ লগতে EIA 2020 বাতিল, মূল্যবৃদ্ধি হ্ৰাস, কৃষক আৰু চাহ শ্ৰমিকৰ দখলত থকা সকলো মাটিৰ পট্টা প্ৰদান কৰা, কৃষিক্ষেত্ৰ পুঁজিপতিক নিদিবলৈয়ো প্ৰতিবাদকাৰী সকলে দাবী জনায় । "আমি আপোনালোকৰ লগত আছো" শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম কৃষক মহাসভাৰ আহ্বায়ক অনন্ত হাজৰিকা আৰু লক্ষীকান্ত কুৰ্মী, অসম কৃষক মহাসভাৰ একাংশ বিষয়ববীয়াৰ লগতে একাংশ কৃষক ।