অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত বিশ্বনাথত প্ৰতিবাদ

সমগ্ৰ ৰাজ্যৰ লগতে আজি বিশ্বনাথ জিলাতো মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ বিশ্বনাথ চাৰিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

By

Published : Feb 5, 2021, 7:59 PM IST

protests demanding reduction in price hike
মূল্য বৃদ্ধি হ্ৰাসৰ দাবীত বিশ্বনাথত প্ৰতিবাদ

বিশ্বনাথ, 5 ফেব্ৰুৱাৰী :অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

বিশ্বনাথ চাৰিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ণ কৰা প্ৰতিবাদস্থলীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে AJYCP ৰ কৰ্মীসকলে । উল্লেখ্য যে, পেট্ৰ’লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

লগতে পঢ়ক : অসম ভ্ৰমণৰ প্ৰাক মূহুৰ্তত ৰাজ্যৰ সমস্যাক লৈ মোদীক প্ৰশ্ন ৰিপুন বৰাৰ

ABOUT THE AUTHOR

...view details