বিশ্বনাথ,9 মাৰ্চঃবিগত কেন্দ্ৰীয় বাজেট অধিৱেশনৰ পৰা অসমৰ কলিয়াবৰৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈকে ধৰি মুঠ 7 জন কংগ্ৰেছ সাংসদক সদনৰ পৰা বহিস্কাৰ কৰাত ক্ষুণ্ণ হৈ পৰিছে বিশ্বনাথ জিলা যুৱ কংগ্ৰেছ । সোমবাৰে উক্ত ঘটনাৰ বিৰুদ্ধে বিশ্বনাথ যুৱ কংগ্ৰেছে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।
বিহালীত নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
বাজেট অধিৱেশনৰ পৰা অসমৰ কলিয়াবৰৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈকে ধৰি মুঠ 7 জন কংগ্ৰেছ সাংসদক সদনৰ পৰা বহিস্কাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি ক্ষুণ্ণ হৈ পৰিছে বিশ্বনাথ জিলা যুৱ কংগ্ৰেছ ।
যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
উক্ত প্ৰতিবাদত অংশ লয় বিশ্বনাথ জিলা যুৱ কংগ্ৰেছ আৰু বিশ্বনাথ জিলা ইয়ং ব্ৰিগেডে । বৰগাঙৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বিক্ষোভ প্ৰদৰ্শন কৰে যুৱ কংগ্ৰেছ কৰ্মীসকলে ৷ লগতে শীঘ্ৰে গৌৰৱ গগৈৰ লগতে বাকী সাংসদসকলৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় যুৱ কংগ্ৰেছে কৰ্মীসকলে ৷ অন্যথা ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়নি দিয়ে ।
Last Updated : Mar 9, 2020, 11:28 PM IST