বিশ্বনাথ, 2 জুলাইঃবিশ্বনাথতো বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলে ৰূপায়ন কৰিছে প্ৰতিবাদী কৰ্যসূচী ৷ শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে লোৱা ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৰ কৰ্মকৰ্তা সকলে ৷ প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীত দাহ কৰে ভূমি নীতিৰ অধ্যাদেশৰ প্ৰতিলিপি ৷
ভূমিনীতিৰ অধ্যাদেশ দাহ কৰি বিশ্বনাথত আছুৰ প্ৰতিবাদ
বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিশ্বনাথতো ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে, বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে ৷
protest in biswanath by aasu
এই নীতি বলপূৰ্বকভাৱে অসমবাসীৰ ওপৰত জাপি দিলে এই আন্দোলন অধিক তীব্ৰতৰ হৈ পৰিব বুলি চৰকাৰক সকীয়নি প্ৰদান কৰে বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই ৷ অসমীয়াৰ খিলঞ্জীয়াৰ মাটি বহিৰাগতক দিয়াটো তেওঁলোকে কেতিয়াও মানি নলয় বুলি উল্লেখ কৰি, আগন্তুক দিনত এই ইন বাতিল নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ'ব পাৰে বুলি হুংকাৰ প্ৰদান কৰে ৷