বিশ্বনাথ,18 অক্টোবৰ : বিশ্বনাথ চাৰিআলি ই-ৰিক্সা সন্থাই ঘোষণা কৰিছে 12 ঘন্টীয়া কৰ্মবিৰতি ৷ অনুজ্ঞাপত্ৰ থকা 517 খন ই-ৰিক্সা চালকে অহা 2020 চনৰ মাৰ্চ মাহলৈকে পৌৰসভাক কৰ দিয়া সত্বেও বৃহস্পতিবাৰে 12 খনকৈ অনুজ্ঞাপত্ৰ থকা ই-ৰিক্সাক জিলা পৰিবহণ বিষয়াই কোনো আগজাননী নিদিয়াকৈ জব্দ কৰে ৷ এই প্ৰতিবাদতে শুকুৰবাৰে 12 ঘন্টীয়া কৰ্মবিৰতি ঘোষণা কৰিছে বিশ্বনাথ চাৰিআলি ই-ৰিক্সা সন্থাই ৷ জব্দ কৰা এই ই-ৰিক্সাসমূহ মুক্ত কৰি বিশ্বনাথৰ ৰাজপথত অবৈধভাৱে চলা ই-ৰিক্সা সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে এনে নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷
বিশ্বনাথ চাৰিআলিত ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ - বিশ্বনাথ চাৰিআলিত ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ
12 ঘন্টীয়া কৰ্মবিৰতি ঘোষণা বিশ্বনাথ চাৰিআলি ই-ৰিক্সা সন্থাৰ ৷ 12 খনকৈ অনুজ্ঞাপত্ৰ থকা ই-ৰিক্সা জিলা পৰিবহণ নিগমৰ বিষয়াই ধৰি ৰখাৰ প্ৰতিবাদত এই কৰ্মবিৰতি ৷
উল্লেখ্য যে,বিগত সময়ত বিশ্বনাথৰ ই-ৰিক্সা সন্থা,জিলা উপায়ুক্ত,জিলা আৰক্ষী অধীক্ষক আৰু জিলা পৰিবহন বিভাগৰ এখন যুটীয়া সভা অনুষ্ঠিত হৈছিল ৷ এই সভাতে জধে-মধে বহু অচিনাকী লোকে নীতি-নিয়ম নমনাকৈ বিশ্বনাথ নগৰত ই-ৰিক্সা চলাই নগৰখনৰ পৰিৱেশ বিনষ্ট কৰি আহিছে বুলি দাবী পৰিবহন বিভাগক জনাইছিল সন্থাটোৱে ৷ বিশ্বনাথ নগৰত এই অবৈধ ই-ৰিক্সা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতহে পৰিবহন বিষয়াৰ পৰা অনুজ্ঞাপত্ৰ ল'বলৈ সাজু হ'ব বুলি জনাইছিল সন্থাটোৱে । যুটীয়া সভাখনে এই বিষয়ে সমাধান উলিওৱাৰ আশ্বাস প্ৰদান কৰিছিল যদিও কোনো আগজাননী নিদিয়াকৈ 12 খন ই-ৰিক্সা জিলা পৰিবহন বিষয়াই জব্দ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় । বিনাচৰ্তে জিলা পৰিবহন বিষয়াই জব্দ কৰা বাৰখন ই-ৰিক্সা এৰি দি বিশ্বনাথৰ ৰাজপথত অবৈধভাবে চলা ই-ৰিক্সা সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হ'ব হুমকি দিয়ে সন্থাটোৱে ৷